অক্টোবৰ-নৱেম্বৰৰ পৰা বতৰ সলনি হ’বলৈ আৰম্ভ কৰে ৷ খাদ্যৰ ক্ষেত্ৰত শীতকাল সৰ্বোত্তম বুলি গণ্য কৰা হয়, আনহাতে ইয়াৰ বিপৰীতে এই বতৰে স্বাস্থ্যৰ পক্ষে কিছু সমস্যা নিজৰ লগত লৈ আহে ৷ শীতকালত যেতিয়া পুৰণি বিষ ওলাই আহিবলৈ আৰম্ভ কৰে, তাৰ লগে লগে মাইগ্ৰেইন ৰোগীৰ সমস্যাও যথেষ্ট বাঢ়ি যায় ৷ শীতকাল আগবাঢ়ি যোৱাৰ লগে লগে মাইগ্ৰেইন অধিক বিপদজনক হৈ উঠিব পাৰে ৷ ইয়াৰ পৰা হাত সাৰিবলৈ কি উপায় জানো আহক-
সূৰ্যৰ পোহৰৰ অভাৱত মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি পাব পাৰে
ঠাণ্ডা বতাহৰ বাবে মূৰত ৰক্ত সঞ্চালন সঠিকভাৱে নহয়, যাৰ ফলত মূৰৰ বিষ হ’ব পাৰে ৷ ইয়াৰ উপৰিও সূৰ্যৰ পোহৰৰ অভাৱৰ বাবেও মাইগ্ৰেইন বৃদ্ধি পাব পাৰে ৷ সূৰ্যৰ পোহৰৰ অভাৱত মগজুত থকা চেৰ’টনিন ৰাসায়নিক পদাৰ্থ ভাৰসাম্যহীন হৈ পৰিব পাৰে ৷ যাৰ বাবে মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি পাব পাৰে ৷ ইয়াৰ উপৰিও সূৰ্যৰ পোহৰৰ অভাৱে শৰীৰৰ Circadian Rhythmত প্ৰভাৱ পেলায়, যাৰ বাবে টোপনিৰ পৰা শোৱা-উঠা ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয় আৰু টোপনিৰ অভাৱত মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি হ’ব পাৰে ৷
মাইগ্ৰেইনৰ পৰা হাত সৰাৰ উপায়
- স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, জীৱনশৈলীৰ বহু পৰিৱৰ্তনৰ বাবে মূৰৰ বিষৰ সমস্যা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷
- অৱশ্যে ঠাণ্ডা বতৰত পিয়াহ কম হয়, কিন্তু শৰীৰত পানীৰ অভাৱ হ’বলৈ নিদিব ৷ পানীৰ অভাৱত পানীলগা হয়, যাৰ ফলত মূৰৰ বিষ হ’ব পাৰে ৷ লগতে অতিমাত্ৰা কফি, চাহ, সুৰা বা ধঁপাত সেৱন নকৰিব ৷
- নিয়মিতভাৱে ব্যায়াম কৰক ৷ ইয়াৰ ফলত চেৰ’টনিন হৰম’নৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত মাইগ্ৰেইনৰ সম্ভাৱনা হ্ৰাস পাব পাৰে ৷
- ঠাণ্ডাৰ সময়ত মূৰটো ভালদৰে ঢাকি ৰাখিব লাগে ৷ ইয়াৰ দ্বাৰাও মাইগ্ৰেইনৰ বিষৰ পৰা হাত সাৰিব পাৰি ৷
- ভাল টোপনিৰ দ্বাৰাও মাইগ্ৰেইনৰ বিষ কমাব পাৰি ৷ যদি টোপনি নাহে তেন্তে মৃদু সংগীত শুনা, কিতাপ পঢ়া বা কিছু সময় ধ্যান কৰাটোও লাভজনক ৷
লগতে পঢ়ক:Pregnancy Care Tips: প্ৰসৱৰ সময়ত হোৱা সমস্যাৰ পৰা হাত সাৰিবলৈ এনেদৰে লওক স্বাস্থ্যৰ যত্ন