অসম

assam

ETV Bharat / sukhibhava

Health Tips: ২০ বছৰ বয়সত ৪০ বছৰীয়া যেন লাগিবলৈ মন নাই যদি আজিয়েই ত্যাগ কৰক এই খাদ্য - খাদ্য

খাদ্যই কেৱল আমাৰ শৰীৰৰ বিকাশ সাধন কৰাই নহয়, আমাৰ শক্তিও প্ৰদান কৰে । কিন্তু কিছুমান খাদ্য আছে যিবোৰে আমাৰ শৰীৰক ক্ৰমান্বয়ে বয়সীয়াল কৰি তুলিব পাৰে । তেন্তে জানো আহক এই খাদ্যসমূহ নো কি ?

Health Tips: You will look 40 at the age of 20! These foods will make you age prematurely
২০ বছৰ বয়সত ৪০ বছৰীয়া যেন লাগিবলৈ মন নাই যদি আজিয়েই ত্যাগ কৰক এই খাদ্য

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 5:25 PM IST

শৰীৰৰ বিকাশৰ বাবে স্বাস্থ্যসন্মত খাদ্যৰ প্ৰয়োজন ৷ কিন্তু ব্যস্ততাৰে জীৱনত মানুহে প্ৰায়ে ভুল খাদ্যাভ্যাস অনুসৰণ কৰে, যাৰ বাবে তেওঁলোকে বহু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ এই কথা শুনি আপুনিও হয়তো আচৰিত হ’ব পাৰে, কিন্তু বেয়া খাদ্যাভ্যাসে সময়ৰ আগতেই আপোনাক বয়সীয়াল কৰি তুলিব ৷

স্বাস্থ্য বিশেষজ্ঞৰ মতে, বহুতো খাদ্য আছে যিবোৰ খালে বয়সতকৈ বয়সীয়াল দেখা যায় ৷ আহক আমি এনে খাদ্যৰ বিষয়ে কওঁ যিবোৰে আপোনাৰ মুখত বলিৰেখা আৰু মিহি ৰেখাৰ সৃষ্টি কৰিব পাৰে ৷

মছলাযুক্ত খাদ্য

মছলাযুক্ত খাদ্যই আপোনাৰ পেটৰ ক্ষতি কৰাই নহয়, সামগ্ৰিক স্বাস্থ্য আৰু ছালৰ বাবেও ক্ষতিকাৰক ৷ অধিক মছলাযুক্ত খাদ্য খোৱাৰ ফলত ৰক্তবাহী নলী ফুলিবলৈ ধৰে ৷ যিয়ে আপোনাক বয়সতকৈ আগত বৃদ্ধ দেখাবলৈ আৰম্ভ কৰে ৷

চোডা পানীয়

চোডা আৰু এনাৰ্জি ড্ৰিংকছত অধিক পৰিমাণে চেনি থাকে ৷ এইবোৰ অতিমাত্ৰা পান কৰিলে শৰীৰৰ কলাবোৰ দ্ৰুতগতিত কমযোৰ হ’বলৈ ধৰে ৷ চোডা পানীয়ত কেলৰিৰ পৰিমাণ আৰু চেনিৰ পৰিমাণ বেছি হোৱাৰ বাবে এচিড গঠন হয়, যিটো দাঁতৰ বাবে বিপজ্জনক ৷ এই এচিডে ছালত কলাজেনৰ উৎপাদন হ্ৰাস কৰে ৷

সুৰা

হয়তো অতি কম সংখ্যক লোকেহে জানে যে সুৰা সেৱন কৰিলে ডিহাইড্ৰেচন হ’ব পাৰে ৷ কেৱল ইয়াৰ বাবেই আমাৰ ছালখনো শুকান হ’বলৈ আৰম্ভ কৰে, যাৰ বাবে ছালত বলিৰেখা দ্ৰুতগতিত দেখা দিবলৈ আৰম্ভ কৰে ৷

বেকড ফুড

ভজা খাদ্যৰ লগতে বেকড খাদ্যও অতি অস্বাস্থ্যকৰ বুলি গণ্য কৰা হয় ৷ ইয়াৰ কাৰণে ছালত বেয়া প্ৰভাৱ দেখা যায় ৷ কেক আৰু কুকিজৰ দৰে বেকড খাদ্যত চৰ্বিৰ পৰিমাণ বেছি ৷ চৰ্বিযুক্ত খাদ্য খালে শৰীৰত কলেষ্টেৰলৰ মাত্ৰাও বৃদ্ধি পাব পাৰে ৷ ইয়াৰ বাবে ডায়েবেটিছৰো আশংকা বৃদ্ধি হয় ৷

লগতে পঢ়ক:Heart Health: নিয়ন্ত্ৰিত হ’ব কলেষ্টেৰল, সুস্থ হৈ থাকিব হৃদযন্ত্ৰ; আজিয়েই অনুসৰণ কৰক এই ডায়েট

ABOUT THE AUTHOR

...view details