অসম

assam

ETV Bharat / sukhibhava

দৈনিক খালী পেটত খাওক নৰসিংহ, কেইদিনমানতে পাব ফলাফল, উপকাৰিতা-অপকাৰিতা জানি লওক - নৰসিংহ গছ

Curry leave Benefits: দৈনিক নৰসিংহ পাত খালে শৰীৰত অপৰিসীম উপকাৰ পোৱা যায় । জানো আহক ইয়াৰ বিষয়ে ৷

Health Benefits of Curry leaves
নৰসিংহ উপকাৰিতা-অপকাৰিতা জানি লওক

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 2:49 PM IST

Updated : Dec 4, 2023, 3:48 PM IST

উত্তৰ ভাৰতৰ খাদ্যৰ তুলনাত দক্ষিণ ভাৰতৰ প্ৰতিটো খাদ্যত নৰসিংহৰ পাত ব্যৱহাৰ কৰা হয় । খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ উপৰিও ই স্বাস্থ্যৰ বাবেও অতি উপকাৰী । দৈনিক নৰসিংহ পাত খালে শৰীৰত অপৰিসীম উপকাৰ পোৱা যায় । ‘অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ’ত প্ৰকাশিত এক গৱেষণাৰ মতে, নৰসিংহৰ পাতত এন্টিঅক্সিডেন্ট, এন্টিডায়েবেটিক, এন্টি-ইনফ্লেমেটৰী আৰু এন্টিটিউমাৰৰ দৰে গুণ থকাৰ বাবে সমগ্ৰ বিশ্বতে আয়ুৰ্বেদিক চিকিৎসাত বহুলভাৱে ব্যৱহাৰ কৰা হয় । দৈনিক নৰসিংহৰ পাত খালে বহু উপকাৰ পোৱা যায় ।

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ নৰসিংহ পাত, ইয়াত ভিটামিন এ, বি, চি আৰু ইৰ লগতে আইৰণ, কেলচিয়াম আৰু ফছফৰাছৰ দৰে খনিজ পদাৰ্থ থাকে ।

এন্টিঅক্সিডেন্ট গুণ

নৰসিংহ এন্টিঅক্সিডেন্ট গুণৰ বাবে জনাজাত, যিয়ে শৰীৰত অক্সিডেটিভ চাপৰ সৈতে মোকাবিলা কৰাত সহায় কৰে। ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা কোষক ৰক্ষা কৰাত এন্টিঅক্সিডেন্টে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

খাদ্য হজম

খাদ্য হজমত সহায়ক হয় নৰসিংহ পাত । ই বদহজম আৰু বমিৰ লক্ষণসমূহ দূৰ কৰাত সহায় কৰে ।

ব্লাড চুগাৰৰ মাত্ৰা কম কৰে

নৰসিংহই তেজত শৰ্কৰাৰ মাত্ৰাতো ইতিবাচক প্ৰভাৱ পেলায় । নিয়মিতভাৱে সেৱনে গ্লুক’জ বিপাকীয় ক্ৰিয়া উন্নত কৰাত অৰিহণা যোগাব পাৰে, যাৰ ফলত ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী হৈ পৰে।

চুলি আৰু ছালৰ বাবে উপকাৰী

নৰসিংহ পাতে চুলিৰ স্বাস্থ্য বৃদ্ধি কৰে আৰু সময়ৰ পূৰ্বেই বগা হোৱাৰ পৰা ৰক্ষা কৰে । ইয়াৰ উপৰিও ই ছালৰ বাবে উপকাৰী, যিয়ে ছালৰ বিভিন্ন অৱস্থাৰ বাবে প্ৰাকৃতিক চিকিৎসা প্ৰদান কৰে ।

অৱশ্যে নৰসিংহ পাত যেনেদৰে মহৌষধ , তেনেদৰেই একাংশৰ বাবে ই ক্ষতিকাৰকো

  • গৰ্ভৱতী মহিলা বা স্তনপান কৰোৱা মহিলাই নৰসিংহ পাত খাব নালাগে ৷
  • যিসকল লোকৰ ছাল অতি সংবেদনশীল, তেওঁলোকে নৰসিংহ খালে বা ছালত লগালে এলাৰ্জী বা খজুৱতি হ’ব পাৰে ।

সতৰ্কবাণী: এই প্ৰতিবেদনত উল্লেখ কৰা পদ্ধতি আৰু পৰামৰ্শ কাৰ্যকৰী কৰাৰ আগতে চিকিৎসক বা আনুষংগিক বিশেষজ্ঞৰ পৰামৰ্শ লওক ।

লগতে পঢ়ক:Curry leaves: ডায়েবেটিছ তথা কলেষ্টেৰল ৰোগীৰ বাবে অতি উপকাৰী নৰসিংহ পাত

Last Updated : Dec 4, 2023, 3:48 PM IST

ABOUT THE AUTHOR

...view details