অসম

assam

ETV Bharat / sukhibhava

উৎসৱৰ উছাহৰ মাজতে স্বাস্থ্যৰ যতন সম্পৰ্কে কিছু কথা... - স্বাস্থ্যৰ যতন

উৎসৱৰ সময়ত শৰীৰত কেল’ৰীৰ পৰিমাণ বৃদ্ধি নহ’বলৈ খাদ্য়াভাস গ্ৰহণৰ VLCC Healthcare Ltd - SDৰ জ্যেষ্ঠ নিউট্ৰিচিয়ান Dr Deepti Vermaই কিছু পৰামৰ্শ আগবঢ়াইছে ৷

Eating Right During Festivals
উৎসৱৰ উছাহৰ মাজতে স্বাস্থ্যৰ যতন সম্পৰ্কে কিছু কথা

By

Published : Oct 29, 2020, 12:01 PM IST

নিউজ ডেস্ক,29 অক্টোবৰ : বিশাল ভাৰতবৰ্ষৰ প্ৰতিটো কোণতো ভিন্ন জাতিভেদে বেলেগ বেলেগ উৎসৱ পালন কা পৰিলক্ষিত হয় ৷ বাৰিষাৰ অন্তই ভাৰতীয়সকলক উৎসৱৰ এক মধুৰ ৰঙৰ আৰম্ভণিৰ ইংগিত দিয়ে ৷ আনন্দ-উল্লাহৰ মাজতে ভোজন তথা খাদ্যৰ ওপৰতো নজৰ দিয়া হয় ৷

ফেন্সী মিঠাইৰ পৰা আৰম্ভ কৰি তেলত ভজা সুস্বাদু খাদ্যত অধিক পৰিমাণে কেল’ৰী আৰু অস্বাস্থ্যকৰ শৰ্কৰা ভৰ্তি হৈ থাকে ৷ এই খাদ্য অধিক পৰিমাণে খোৱাৰ পাচত নিশ্চয়কৈ দেহত চৰ্বি বৃদ্ধি হ’ব ৷

সেইবাবে VLCC Healthcare Ltd - SDৰ জ্যেষ্ঠ নিউট্ৰিচিয়ান Dr Deepti Vermaই আপোনালোকৰ বাবে উৎসৱ-পাৰ্বনৰ খাদ্যৰ ক্ষেত্ৰত কিছু ডায়েটফুল খাদ্যৰ তালিকা প্ৰস্তুত কৰিছে ৷ এই খাদ্য সেৱন কৰি আপোনালোকে চৰ্বিৰ পৰিমাণ বৃদ্ধি নোহোৱাকৈ উৎসৱৰ আনন্দ ল’ব পাৰিব ৷

1. Portion Control- ই আমি গ্ৰহণ কৰা খাদ্য নিয়ন্ত্ৰণ কৰাৰ লগতে খাদ্যত থকা কেল’ৰীৰো নিয়ন্ত্ৰণ কৰে ৷ সেইবাবে সদায় খাদ্যৰ আধাভাগ খোৱা উচিত ৷ ই দেহৰ ওজন নিয়ন্ত্ৰণ কৰিব আৰু এই নিয়ন্ত্ৰণ অব্য়াহত ৰখাত সহায় কৰিব ৷

2. Choose healthier options- নিজ ঘৰতে প্ৰস্তুত কৰা মিঠাই যেনে বেচনৰ লাড়ু, মগু দাইলৰ হালৱা, গাজৰৰ হালৱা, নাৰিকল আৰু ড্ৰাই ফুডৰ মিঠাই, নাৰিকলৰ বৰ্ফি আদি খাব পাৰে ৷ ইয়াত চেনী আৰু ঘিৰ মাত্ৰা কম কৰিব লাগিব আৰু পাৰ্যমানে গুড় ব্যৱহাৰ কৰা উচিত ৷

3. Hydration- কমেও 3 লিটাৰ পানী, নিমু পানী, নাৰিকলৰ পানী, পাতল চাঁচ, পাতল সতেজ ফলৰ ৰস, নিমু টেঙা আদি খাব লাগে ৷ জলসেৱনে দেহৰ বিষাক্ত পদাৰ্থ বাহিৰলৈ উলিয়াই দেহটো সুস্থ ৰাখে ৷

4. Start your day with a light breakfast- দিনটোৰ আৰম্ভণি সতেজ ব্ৰেকফাষ্ট যেনে মৌচুমী ফল, একাপ দৈ অথবা সতেজ ফলৰ শ্বেকেৰে কৰিব লাগে ৷

5. Regular physical activity- উৎসৱ-পাৰ্বনৰ সময়ছোৱাত যদি আপুনি খোজকাঢ়িবলৈ বা দৌৰিবলৈ সময়ৰ অভাৱ হয় তেন্তে চিৰিৰে ওপৰলৈ উঠিব, যোগা কৰিব, বজাৰলৈ গ’লে দূৰতে আপোনাৰ গাড়ীখন ৰাখি খোজকাঢ়ি বজাৰত সোমাব পাৰে ৷ অন্যথা ক্ষন্তেক সময়ৰ বাবে খেলতো ভাগ ল’ব পাৰে ৷

মনত ৰাখিবলগীয়া কিছু কথা-

1. ফিজি বা কাৰ্ব’নেটেড পানীয় বৰ্জন কৰক ৷

2. ব্ৰেড,পিজ্জা,বাৰ্গাৰ, বিস্কুট, কুকিজ বৰ্জন কৰক ৷

3. অধিক পৰিমাণে শাক-পাচলি, ফল-মূল খাঁওক ৷

4. নিশা শোৱাৰ 3 ঘণ্টা পূৰ্বে আহাৰ গ্ৰহণ কৰক ৷

ওপৰোক্ত কথাখিনি পালন কৰিলে আপুনি উচ্চ শক্তিৰ সৈতে আপোনাৰ উৎসৱ উপভোগ কৰিব পাৰিব ৷

লগতে পঢ়ক :কৈশোৰৱস্থাত নিজৰ শৰীৰকলৈ কি ভাৱে কিশোৰ-কিশোৰীসকলে ?

ABOUT THE AUTHOR

...view details