মেষ ৰাশি:আজি আপুনি শাৰীৰিকভাৱেই হওক বা মানসিকভাৱেই হওক ভাল অনুভৱ নকৰিব ৷ আপুনি যিমানেই কষ্ট নকৰক কিয়, প্ৰত্যাশিত ফল পাবলৈ সক্ষম নহ’ব ৷ সন্তানক লৈ উদ্বীগ্ন হোৱাৰ আশংকা আছে ৷ কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ ফলত পৰিয়ালক সময় দিব নোৱাৰিব ৷ বেয়া চিন্তা আৰু আচৰণৰ পৰা দূৰত থাকক ৷ অনাৱশ্যক দায়িত্ব পালন নকৰিব ৷ সম্ভৱ হ’লে ভ্ৰমণ পিছুৱাই দিয়ক ৷ কৰ্মক্ষেত্ৰত সকলো কাম ফলদায়ক হ’ব ৷
বৃষ ৰাশি:আজি আপুনি উৎসাহ, দৃঢ়তা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব ৷ পঢ়ুৱৈসকলে সহজতে পঢ়াশুনা বুজি পাব আৰু পঢ়াশুনা কৰি আনন্দও পাব ৷ কৰ্মক্ষেত্ৰত বিত্তীয় লেনদেনত লাভ সুনিশ্চিত ৷ শিল্পী আৰু খেলুৱৈসকলে নিজৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰিব ৷
মিথুন ৰাশি: আজি কোনো কাম বা প্ৰকল্প হাতত ল’লে, সেয়া সফলভাৱে সম্পন্ন হ’ব ৷ কৰ্মক্ষেত্ৰত অনুকূল্য পোৱাৰ তীব্ৰ সম্ভাৱনা আছে ৷ বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰপৰা প্ৰচুৰ উদগণি আৰু সমৰ্থন লাভ কৰিব ৷ সৰু-সুৰা ভ্ৰমণৰ যোগ আছে ৷ বন্ধু, প্ৰিয়জন বা চুবুৰীয়াৰ সৈতে কাজিয়া হ’লে তাৰ পৰিণাম আপোনাৰ অনুকূলতহে থাকিব ৷ আপোনাৰ মেজাজ আৰু চিন্তা বাৰে বাৰে সলনি হৈ থাকিব ৷ আৰ্থিক দিশত উত্থান-পতনৰ বাবে সাজু থাকক ৷
কৰ্কট ৰাশি:আপোনাৰ হতাশ মনোভাৱে আপোনাক যেন পৰাস্ত কৰিব নোৱাৰে ৷ নিজৰ শাৰীৰিক আৰু মানসিক দুৰ্বলতা, নিজৰ দুখ-দুৰ্দশা আৰু হতাশাৰ পৰা উলিয়াই আহিবলৈ সাজু হওঁক ৷ আপোনাৰ চকুৰ সমস্যা দেখা দিব পাৰে ৷ ঘৰুৱা পৰিৱেশ সেমেকা থাকিব ৷ ভুল বুজাবুজি আৰু উদ্বেগ সৃষ্টি হ’বলৈ নিদিব ৷ পঢ়ুৱৈসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ সুফল পাব ৷ বে-আইনী আৰু বেয়া চিন্তাধাৰাক মনত আহিবলৈ নিদিব ৷
সিংহ ৰাশি:আজি আপোনাৰ মনত উদ্দীপনা আৰু আত্মবিশ্বাসৰ উভৈনদী হ’ব ৷ আজি আপুনি খৰতকীয়া আৰু ভ্ৰান্তিহীন সিদ্ধান্ত ল’বলৈ সক্ষম হ’ব ৷ পিতৃ আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব আৰু তেওঁলোকৰ পৰা সুযোগ-সুবিধা পাব ৷ আপোনাৰ ভাৱমূৰ্তিৰ উন্নতি হ’ব পাৰে ৷ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো হেমাহি নকৰিব ৷
কন্যা ৰাশি:সদিচ্ছা আৰু অহংকাৰৰ সংঘাত দেখা দিব পাৰে ৷ ইয়াক যি কোনো মূল্যত প্ৰতিহত কৰক ৷ আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিব পাৰে ৷ আজি আপুনি আগ্ৰাসী আৰু খঙাল হৈ থাকিব ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া-বিবাদ আৰু তৰ্ক-বিতৰ্ক হোৱাৰ তীব্ৰ আশংকা আছে ৷ ধৰ্মীয় ক্ৰিয়াকলাপত ব্যয়ৰ সম্ভাৱনাক এৰাই চলিব পৰা নাযাব ৷ স্বাস্থ্য সচেতন হওঁক, বিশেষকৈ আজি ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ যোগ আছে ৷ যিমান দূৰ সম্ভৱ কাজিয়া বিবাদৰ পৰা দূৰত থাকক ৷