কঠোৰ শাৰীৰিক পৰিশ্ৰমে আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে যদিও গৱেষকসকলে প্ৰকাশ কৰিছে যে, ঘণ্টাৰ পিছত ঘণ্টা কঠোৰ চিন্তা কৰাৰ পিছতো এজন ব্যক্তিয়ে ভাগৰুৱা অনুভৱ কৰে । কাৰেণ্ট বায়'লজিত(Current biology report hard thinking cause tiredness) প্ৰকাশ পোৱা এই তথ্যই দেখুৱাইছে যে, যেতিয়া অধিক চিন্তামূলক কাম কেইবা ঘণ্টা ধৰি কৰা হয়, তেতিয়া ই মগজুৰ প্ৰিফ্ৰন্টেল কৰ্টেক্স নামৰ অংশটোত সম্ভাৱ্য বিষাক্ত উপজাত সামগ্ৰী জমা কৰে । যি কৰ্টেক্স নামেৰে জনাজাত (Current Biology reported)। আহক চাও মানুহে ক্লান্তি অনুভৱ কৰা সন্দৰ্ভত গৱেষকে কি কয় -
ক্লান্তি হৈছে এক প্ৰকাৰৰ মোহ: ক্লান্তি অনুভৱ কৰাৰ ফলত সিদ্ধান্তৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ স্থানান্তৰিত হয়, ফ্ৰান্সৰ পেৰিছৰ পিটি-ছালপেট্ৰিয়েৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে (University of pitie salpetriere in Paris, France) ব্যাখ্যা কৰি কয় যে, কম চিন্তামূলক কাৰ্য সম্পাদন কৰিলে আপুনি খুব কম ভাগৰুৱা অনুভৱ কৰে ৷
বিশ্ববিদ্যালয়খনৰ গৱেষক মেথিয়াছ পেচিগ্লিয়ন ইউ পি এছ পেৰিছে কয় যে, "প্ৰভাৱশালী তত্ত্বসমূহে প্ৰকাশ কৰে যে ক্লান্তি হৈছে এক প্ৰকাৰৰ ভ্ৰম যিটো মগজুৰ দ্বাৰা আমি কৰা কাম বন্ধ কৰি অধিক সন্তুষ্টিদায়ক কাৰ্যকলাপত লিপ্ত হ'বলৈ উৎপন্ন কৰা হয় ।"
মেথিয়াছ পেচিগ্লিয়নে লগতে কয়, "কিন্তু আমাৰ তথ্যই প্ৰকাশ কৰে যে, জ্ঞানমূলক কাৰ্যৰ ফলত প্ৰকৃত কাৰ্যকৰী পৰিৱৰ্তন হয় ।" দলটোৱে বুজিব বিচাৰিছিল যে, মানসিক ক্লান্তি আচলতে কি ? এই কথা জানিবলৈ তেওঁ মেগনেটিক ৰেজোনেন্স স্পেকট্ৰস্কপি ব্যৱহাৰ কৰি এটা কৰ্মদিনৰ ভিতৰত মগজুৰ ক্ৰিয়াকলাপ নিৰীক্ষণ কৰিছিল(Magnetic resonance spectroscopy) । তেওঁলোকে দুটা গোটৰ মানুহৰ ওপৰত প্ৰথমে এই পৰীক্ষণ কৰি চালে, যিসমূহ কঠোৰভাৱে চিন্তা কৰাৰ প্ৰয়োজন আছিল আৰু যিসকলৰ জ্ঞানমূলক কাম তুলনামূলকভাৱে সহজ আছিল ।