অসম

assam

By

Published : Feb 10, 2022, 10:20 PM IST

ETV Bharat / sukhibhava

ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ পিছত এবছৰলৈকে থাকে হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা

এটা অধ্যয়ন অনুসৰি, ক’ভিড-19 ত আক্ৰান্ত হোৱা লোকসকলৰ ক্ষেত্ৰত প্ৰথম মাহৰ পৰা এবছৰৰ ভিতৰত কাৰ্ডিঅ’ভাস্কুলাৰ জটিলতা বৃদ্ধিৰ হোৱাৰ আশংকা থাকে (Covid cause Heart Disease) ৷

heart conditions
ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ পিছত এবছৰলৈকে থাকে হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা

ক’ভিড-19 এ বৃদ্ধি কৰে হৃদৰোগ হোৱাৰ সম্ভাৱনা ৷ নতুনকৈ কৰা এটা অধ্যয়নত গৱেষকসকলে উল্লেখ কৰা অনুসৰি ক’ভিড-19 য়ে হৃদৰোগৰ আশংকা সেইসকল লোকৰ ক্ষেত্ৰত বেছিকৈ আনে যিসকল এছ.এ.আৰ.এছ.-চি.ও.ভি.-2-ৰ দ্বাৰা আক্ৰান্ত হৈছে (Covid cause Heart Disease) ৷ কিন্তু আটাইতকৈ লক্ষণীয় কথাটো হ'ল যিসকল লোক কেতিয়াও হৃদৰোগৰ সমস্যাত ভোগা নাই, ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ পিছত সেইসকল লোকেও হৃদৰোগৰ সমস্যাৰ মুখামুখি হৈছে ৷ নেচাৰ মেডিচিন জাৰ্নেলত প্ৰকাশ পোৱা অনুসৰি, হাৰ্টৰ বেমাৰ যেনে হৃদস্পন্দন বন্ধ হোৱা, আকস্মিক মৃত্যু আদিৰ প্ৰভাৱ ক’ভিড-19 ত আক্ৰান্ত হোৱা লোকসকলৰ ক্ষেত্ৰত ক’ভিড-19 ত আক্ৰান্ত নোহোৱাসকলৰ তুলনাত 4 শতাংশ অধিক ৷ আমেৰিকাৰ প্ৰায় 3 মিলিয়ন মানুহ ক’ভিড-19 ত আক্ৰান্ত হৈ কাৰ্ডিঅ’ভাস্কুলাৰৰ জটিলতাত ভূগিছে (Covid increasing Heart complications globally) ৷

ক’ভিড-19 ৰ সংস্পৰ্শলৈ নহা লোকসকলৰ তুলনাত, ক’ভিড-19 ত আক্ৰান্ত হোৱা লোকসকলৰ কৰোনেৰী ধমনী ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা 72 শতাংশ অধিক, হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা 63 শতাংশ অধিক আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা 52 শতাংশ অধিক । সামগ্ৰিকভাৱে, ক’ভিড-19 ত আক্ৰান্ত হোৱা লোকসকলৰ কাৰ্ডিঅ’ভাস্কুলাৰৰ জটিলতা যেনে হাৰ্টএটেক, ষ্ট্ৰোক আৰু মৃত্যু হোৱাৰ সম্ভাৱনা ক’ভিড-19 ৰ সংস্পৰ্শলৈ নহা লোকসকলৰ তুলনাত 55 শতাংশ অধিক (COVID infections raise risk of heart conditions up to a year later) ৷

ছেইণ্ট লুইচৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ মেডিচিনৰ সহকাৰী অধ্যাপক জিয়াদ আল-আল্লিয়ে কৈছে, "ক’ভিড-19 ৰ ফলত হৃদযন্ত্ৰৰ গুৰুতৰ জটিলতা আহিব পাৰে আৰু ই মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰখৰ কৰি তোলে । এবাৰ হৃদৰোগত আক্ৰান্ত হ’লে সহজে ইয়াৰ উপশম নঘটে । হৃদৰোগৰ প্ৰভাৱ মানুহৰ জীৱনত আজীৱনলৈ থাকে । তেওঁ লগতে কয়, মহামাৰী আৰম্ভ হোৱাৰ পৰা বিশ্বব্যাপী ৩৮০ নিযুতৰো অধিক লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে, যিয়ে বিশ্বজুৰি নতুনকৈ হৃদৰোগীৰ সংখ্যা 15 নিযুতলৈ বৃদ্ধি কৰিলে ।

ক’ভিড-19 ৰ সংস্পৰ্শলৈ অহাৰ পিছত হৃদযন্ত্ৰৰ যত্ন লোৱাটো অতিকে গুৰুত্বপূৰ্ণ ৷ এই অধ্য়য়নটোৱে ক’ভিড-19 ৰ ভেকচিন লোৱাটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি প্ৰকাশ কৰিছে যে এই ভেকচিনে হৃদৰোগ হোৱাৰ আশংকা কিছু পৰিমাণে কমাই ৰাখে ৷ ক’ভিড-19 ৰ বাবে বৃদ্ধি হোৱা কাৰ্ডিঅ’ভাস্কুলাৰ জটিলতাৰ সৈতে মোকাবিলা কৰিবলৈ জিয়াদ আল-আল্লিয়ে চৰকাৰ আৰু স্বাস্থ্যকৰ্মীক পৰামৰ্শ দিছে ৷

লগতে পঢ়ক:The goodness of cold pressed virgin coconut oil:কোল্ড-প্ৰেছ ভাৰ্জিন নাৰিকল তেলৰ উপকাৰিতা

ABOUT THE AUTHOR

...view details