সাধাৰণতে মানুহে ভাবে যে পানীলগা জ্বৰ-চৰ্দি কেৱল শীতকালতে হয়, ই আচলতে এটা ডাঙৰ ভ্ৰম । গ্ৰীষ্মকালত কিছুমান পৰিস্থিতি আৰু বেক্টেৰিয়া বা ভাইৰাছৰ বাবে মানুহ চৰ্দি জ্বৰত আক্ৰান্ত হয় । শীতকালত অৱশ্যে বতৰৰ পৰিৱৰ্তনৰ বাবে মানুহৰ ক্ষেত্ৰত চৰ্দি-জ্বৰে দেখা দিয়ে । কিন্তু গ্ৰীষ্মকালতো এই চৰ্দি-জ্বৰৰ সমস্যাই মানুহক যথেষ্ট আমনি কৰা দেখা যায় (Summer cold symptoms) !
চণ্ডীগড়ৰ জেনেৰেল ফিজিচিয়ান ডাঃ সত্যেন্দ্ৰ নাৰাঙে কৈছে কিয় চৰ্দি-জ্বৰৰ সমস্যাই গ্ৰীষ্মকালতো মানুহক আমনি কৰে ৷ তেওঁ জানিবলৈ দিয়া কাৰণ সমূহ তলত উল্লেখ কৰা হ’ল-
ডাঃ সত্যেন্দ্ৰ নাৰাঙে কৈছে যে প্ৰখৰ গৰম পৰাৰ সময়ত মানুহৰ জ্বৰ-চৰ্দি হয় (Fummer cold fever reasons) ৷ দৰাচলতে, সেই সময়খিনিত গৰমৰ পৰা সকাহ পাবলৈ মানুহে অধিক পৰিমাণত ফ্ৰিজৰ পানী, শীতল পানীয়, আইচক্ৰীম বা বৰফ ঢালি দিয়া ফল-মূলৰ ৰস সেৱন কৰে যাৰ ফলত মানুহৰ সাধাৰণ জ্বৰ-চৰ্দি হোৱাৰ আশংকা বৃদ্ধি হয় । ইয়াৰ বাহিৰেও গৰমৰ পৰা সুৰক্ষিত পাবলৈ মানুহে বহুসময় ধৰি এচি বা দ্ৰুত গতিত চলি থকা ফেন ব্যৱহাৰ কৰে যাৰ ফলত জ্বৰ-চৰ্দি হোৱাৰ সম্ভাৱনাই দেখা দিয়ে ৷
গৰমৰ দিনত ৰাস্তাৰ কাষত মুকলিকৈ ৰৈ থকা ফলমূলৰ ৰস বিক্ৰী কৰা দোকানসমূহ আচলতে বেমাৰৰ বাহক ৷ নাৰাঙে কৈছে এনে স্থানসমূহৰ পৰাই বেমাৰৰ সংক্ৰমণ হয় ৷ গ্ৰীষ্মকালত জ্বৰ-চৰ্দি হোৱাৰ ইয়ো এটা মুখ্য কাৰণ ৷ মানুহে গৰমৰ দিনত এই স্থানসমূহৰ পৰাই বৰফ মিহলি ফলৰ ৰস, আধা কাটি থোৱা ফল ইত্যাদি সেৱন কৰে ৷
ইয়াৰ উপৰিও ইতিমধ্যেই জ্বৰ চৰ্দিত আক্ৰান্ত হৈ থকা ব্যক্তি এজনৰ সংস্পৰ্শলৈ আহিলেও জ্বৰ-চৰ্দি হোৱাৰ আশংকা বৃদ্ধি হয় (Fever can catch people during summer)। ডাঃ নাৰাঙে আঙুলিয়াই দিয়ে যে সাধাৰণতে ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা লোকসকল এইধৰণৰ সংস্পৰ্শৰ ফলত জ্বৰ-চৰ্দিত আক্ৰান্ত হয় ৷
এণ্টেৰ’ভাইৰাছ (Enterovirus)
বতৰ লাগিলে যেনেকুৱাই নহওক কিয় জ্বৰ-চৰ্দি সৃষ্টি কৰিব পৰাকৈ প্ৰায় 200 ত কৈয়ো অধিক প্ৰকাৰৰ ভাইৰাছ আছে । গ্ৰীষ্মকালীন জ্বৰ-চৰ্দিৰ বাবে সচৰাচৰ ওপৰত উল্লেখিত কাৰণবোৰৰ উপৰিও এণ্টেৰ’ভাইৰাছক বহুত ক্ষেত্ৰত মুখ্য কাৰণ হিচাপে গণ্য কৰা হয় । শৰীৰত এণ্টেৰ’ভাইৰাছৰ প্ৰভাৱৰ বিষয়ে ক’বলৈ গ’লে সাধাৰণ জ্বৰ-চৰ্দিৰ উপৰিও মানুহ এজনৰ ক্ষেত্ৰত ছালত দাগ, হাত-ভৰিত দাগ, ডিঙি-মুখত ফোঁহা আৰু চকু ৰঙা পৰা আদি সমস্যা হ'ব পাৰে ।
ডাঃ নাৰাঙে জনাইছে যে শীতকালৰ দৰেই গ্ৰীষ্মকালত হোৱা পানীলগা জ্বৰৰ পৰা ব্যক্তি এজন প্ৰায় 7 ৰ পৰা 10 দিনৰ ভিতৰত নিজে নিজে আৰোগ্য হয় । কিন্তু বহুসময়ত কেতিয়াবা কিছুমান পৰিস্থিতি আৰু ৰোগীৰ বয়স তথা শাৰীৰিক অৱস্থাৰ বাবে এই সাধাৰণ পানীলগা জ্বৰে ব্যক্তি এজনক দীৰ্ঘসময় ধৰি আমনি কৰিব পাৰে (Fever cold can happen in summer) । এনে পৰিস্থিতিত কিন্তু লগে লগে চিকিৎসকৰ পৰা পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয় ৷
ডাঃ নাৰাঙে গ্ৰীষ্মকালৰ জ্বৰ-চৰ্দিৰ পৰা পৰিত্ৰাণ পাবলৈ কেইটামান কথা উপায়ৰ কথা উল্লেখ কৰিছে (Remedy to cure summer cold and fever)-
1. প্ৰখৰ ৰ’দত ক’ৰবাৰ পৰা আহিয়েই তৎক্ষণাত বৰফযুক্ত পানী নতুবা অন্যান্য শীতল পানীয় নেখাব ৷