ভাৰতত কেশৰ যুগ যুগ ধৰি ব্যৱহাৰ হৈ আহিছে । সেই সময়ৰ পৰাই গাখীৰত কেশৰ মিহলাই পান কৰা হৈছিল । ইয়াক মছলাৰ ৰজা বুলিও কোৱা হয় । কেৱল গাখীৰেই নহয় কেশৰ পায়স আৰু বিৰিয়ানীতো ব্যৱহাৰ কৰা হয় । কেশৰত এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ আছে, যাৰ বাবে ই হজম শক্তি উন্নত কৰাৰ বাবে বহুতো স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে ।
আয়ুৰ্বেদত কেশৰ মিহলোৱা গাখীৰৰ বহু উপকাৰৰ কথা উল্লেখ কৰা হৈছে, বিশেষকৈ শিশুৰ বাবে । উল্লেখ্য যে, বিজ্ঞানেও শিশুৰ দৃষ্টিকোণৰ পৰা কেশৰ মিহলোৱা গাখীৰৰ বহু উপকাৰিতাৰ কথা উল্লেখ কৰিছে । শিশুক কিয় ৰাতি কেশৰ মিহলোৱা গাখীৰ খাবলৈ দিব লাগে জানি লওক-
অতি উপকাৰী কেশৰ
কেশৰ হৈছে ক্ৰকাছ ফুলৰ পৰা পোৱা এক মূল্যৱান মছলা । ইয়াৰ ৰঙা ৰং, গোন্ধ তথা সোৱাদৰ বাবেই কেশৰ জনপ্ৰিয়তাৰ কাৰণ । উল্লেখ্য যে, কেশৰ বহু স্বাস্থ্যজনিত সমস্যাত ব্যৱহাৰ কৰা হয় । ইয়াত ক্ৰ’চিন আৰু চেফ্ৰানেলকে ধৰি শক্তিশালী এন্টিঅক্সিডেন্ট থাকে, যিবোৰৰ এন্টি-ইনফ্লেমেটৰী গুণ আছে বুলি জনা যায় । এই এন্টিঅক্সিডেন্টবোৰে শৰীৰক অক্সিডেটিভ চাপৰ পৰা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।