অসম

assam

তেজৰ কৰ্কট ৰোগৰ লক্ষণসমূহ কি ? জানি লওক এই প্ৰতিবেদনত

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 2:02 PM IST

Blood Cancer Symptoms: তেজৰ কৰ্কট ৰোগ অতি বিপদজনক । তেজৰ কৰ্কট ৰোগ হাড়ৰ মজ্জাৰ পৰা আৰম্ভ হয় আৰু তাৰ পিছত ক্ৰমান্বয়ে সংক্ৰমণ তেজত বিয়পি পৰে । গতিকে জানি লওক এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ ৷

Blood cancer symptoms and signs
তেজৰ কৰ্কট ৰোগ অতি বিপদজনক

ব্লাড কেন্সাৰ ৰোগ অতি বিপজ্জনক । ব্লাড কেন্সাৰ অৰ্থাৎ তেজৰ কৰ্কট ৰোগক লিউকেমিয়া বুলিও কোৱা হয় । তেজৰ কৰ্কট ৰোগ হাড়ৰ মজ্জাৰ পৰা আৰম্ভ হয় আৰু তাৰ পিচত ক্ৰমান্বয়ে তেজত বিয়পি পৰে সংক্ৰমণ । যদি আগতীয়াকৈ তেজৰ কৰ্কট ৰোগ ধৰা পৰে তেন্তে সহজেই জীৱন ৰক্ষা কৰিব পৰা যায় । কিন্তু যদি শেষ পৰ্যায়ত ধৰা পৰে তেন্তে জীৱন ৰক্ষা কৰাটো অতি কঠিন ।

এইখিনিতে উল্লেখ কৰিব লাগিব তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ ছালত দেখা পোৱা যায় । কিন্তু ইয়াক চিনাক্ত কৰাটো অতি কঠিন । ব্লাড কেন্সাৰ ৰোগে ৰক্তকণিকাক যথেষ্ট প্ৰভাৱিত কৰে । যাৰ বাবে শৰীৰত শ্বেত ৰক্তকণিকা উৎপাদন বন্ধ হৈ যায় । তেজৰ কৰ্কট ৰোগৰ আৰম্ভণিতে ৰোগীৰ ছালত বহুতো লক্ষণ দেখা দিয়ে । যিটোক আওকাণ কৰাটো অতি কঠিন হৈ পৰে । গতিকে সময়মতে ৰোগ নিৰ্ণয় আৰু চিকিৎসা কৰাটো অত্যন্ত জৰুৰী ।

তেজৰ কৰ্কট ৰোগ আৰু লিউকেমিয়া

তেজৰ কৰ্কট ৰোগ বা লিউকেমিয়াৰ ক্ষেত্ৰত ৰোগীৰ ছালৰ ৰং সলনি হ’বলৈ আৰম্ভ কৰে । যাৰ বাবে শৰীৰৰ ৰং হালধীয়া হ’বলৈ ধৰে । কেৱল এয়াই নহয়, চকু দুটাও হালধীয়া হ’বলৈ আৰম্ভ কৰে । যদি আপুনি লিউকেমিয়াত আক্ৰান্ত হয় তেন্তে ছালত সামান্য আঘাত বা কাটিলেও অত্যধিক ৰক্তক্ষৰণ হয় । তেজৰ কৰ্কট ৰোগৰ ফলত লিউকেমিয়া কটিছ নামৰ ৰোগ হয় । ইয়াৰ বাবে মুখ, হাত আৰু শৰীৰৰ অন্যান্য অংশত ফোহা আৰু নীলা ৰঙৰ গোটৰ লগতে দাগ দেখা দিব পাৰে । পেটেচিয়াৰ লক্ষণো দেখা যায় । আচলতে ৰোগীৰ হাত, ভৰি, ভৰিৰ আঙুলি আৰু ছালত ৰঙা দাগ আৰু ফোহা ওলায় । মুখত ৰঙা দাগ আৰু ফোহা ওলোৱা তেজৰ কৰ্কট ৰোগ বা লিউকেমিয়াৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে ।

তেজৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ উপায়

যদি আপুনি তেজৰ কৰ্কট ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে জীৱনশৈলী উন্নত কৰিব লাগিব আৰু স্বাস্থ্যসন্মত খাদ্যাভ্যাস পালন কৰিব লাগিব । চিকিৎসকে চিবিচি টেষ্ট অৰ্থাৎ সম্পূৰ্ণ ব্লাড কাউণ্ট টেষ্ট কৰি তেজৰ কৰ্কট ৰোগ পৰীক্ষা কৰে । কেন্সাৰ ৰোগীৰ পৰীক্ষা হ’লে বায়’প্সি কৰা হয় । য’ত কেন্সাৰ চিনাক্ত কৰিব পাৰি । ভাল জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ দ্বাৰা এই ৰোগৰ পৰা হাত সাৰিব পাৰি ।

স্বীকাৰোক্তি: এই লেখাত উল্লেখ কৰা পদ্ধতি আৰু পৰামৰ্শ কাৰ্যকৰী কৰাৰ আগতে চিকিৎসক বা আনুষংগিক বিশেষজ্ঞৰ পৰামৰ্শ লওক ।

লগতে পঢ়ক:এইডছ এতিয়াও এক দুৰাৰোগ্য ৰোগ, ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰিব জানি লওক

ABOUT THE AUTHOR

...view details