সমগ্ৰ বিশ্বতে বাতবিষ কম বয়সতে এটা ডাঙৰ সমস্যা হৈ পৰিছে ৷ এই কাৰণেই বাতবিষৰ বিষয়ে সজাগতা বিয়পোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ৷ কোনো আঘাত নোহোৱাকৈ গাঁঠি ফুলা, জঠৰতা আৰু বিষ হোৱা অৱস্থাক বাতবিষ বোলা হয় ৷ অষ্টিঅ’আৰ্থ্ৰাইটিছ (OA) আৰু ৰিউমাটয়েড আৰ্থ্ৰাইটিছ (RA) মূলতঃ দুই প্ৰকাৰৰ বাতবিষ ৷
যুৱক-যুৱতীসকলৰ মাজত বৃদ্ধি পাইছে দুয়োবিধ বাতবিষৰ ঘটনা ৷ এক হিচাপ অনুসৰি দেশৰ প্ৰায় ২ শতাংশ যুৱক বাতবিষত আক্ৰান্ত ৷ ২২ৰ পৰা ৪০ বছৰ বয়সৰ গোটত আৰ এৰ ৰোগী বৃদ্ধি পাইছে ৷ বয়স বৃদ্ধিৰ লগে লগে গাঁঠিৰ কাৰ্টিলেজ জীৰ্ণ হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত অৱশেষত বাতবিষৰ সমস্যাৰ সৃষ্টি হয় ৷ অষ্টিঅ’আৰ্থ্ৰাইটিছে আঁঠুৰ ওপৰত আটাইতকৈ গুৰুতৰ প্ৰভাৱ পেলায় ৷ ইয়াৰ লক্ষণসমূহ হ’ল গাঁঠি বিশেষকৈ আঁঠু ফুলা, জঠৰতা আৰু অবিৰত বিষ, বেঁকা বা ওজন তুলিলে বিষ হোৱা, কিছুমান মানুহে পুৱা সাৰ পোৱাৰ পিছত কিছু সময়ৰ বাবে বিষ অনুভৱ কৰা আৰু খোজ কাঢ়িবলৈ বা চিৰি বগাবলৈ অসুবিধা পোৱা ৷
কোনবোৰ লোকৰ বাবে হ’ব পাৰে বিপদ ?
- জিনীয় কাৰণ
- দুৰ্ঘটনা বা খেলৰ সময়ত গাঁঠিত আঘাত পোৱা
- বেছিকৈ ধূমপান কৰা
- ভিটামিন ডিৰ অভাৱ ৷ ভিটামিন ডি সূৰ্যৰ পোহৰত প্ৰাকৃতিকভাৱে পোৱা যায়
- বেছি সময় ভুল ভংগীমাত থাকিলেও গাঁঠিৰ ওপৰত বেয়া প্ৰভাৱ পৰে ৷
- মহিলাৰ ৰজোনিবৃত্তিৰ সময়ত, ঋতুস্ৰাৱ বন্ধ হোৱাৰ পিছত বা গৰ্ভাশয় আঁতৰোৱাৰ পিছত হাড়ৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে ৷ সেইবাবেই ৪০ বছৰৰ পিছৰ মহিলাসকলক নিয়মীয়াকৈ ব্যায়াম আৰু কেলচিয়ামৰ পৰিপূৰক গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয় ৷