শৰীৰৰ যিকোনো ৰোগেই হওক বা পেটৰ চৰ্বি কম কৰিব বিচাৰিলে সকলোতে সেউজীয়া পাতৰ শাক-পাচলি খোৱাটো বাঞ্ছনীয় । এই শাক-পাচলিবোৰৰ ভিতৰত পালেং শাককো অতি স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় । কোৱা হয় যে আপোনাৰ প্লেটত পালেং শাক থাকিলে কেতিয়াও আওকাণ কৰাৰ ভুল নকৰিব । কাৰণ, পালেং শাকত ইমানবোৰ উপকাৰী পুষ্টিকৰ উপাদান থাকে যিয়ে আমাৰ শৰীৰক বহু ৰোগৰ পৰা আঁতৰাই ৰাখিব পাৰে । জানো আহক ইয়াৰ অন্য উপকাৰিতাসমূহ ৷
শক্তিৰ উৎস: পালেং শাকত ভিটামিন এ, ভিটামিন চি, আৰু ফ’লেট থাকে, যিবোৰে শৰীৰক শক্তি প্ৰদান কৰাত সহায় কৰে ।
পাচনতন্ত্ৰৰ সুস্থ ৰাখে: পালেং শাকত আঁহ আৰু পুষ্টিকৰ উপাদান থাকে যিয়ে আপোনাৰ পাচনতন্ত্ৰক সহায় কৰে ।
ভিটামিন এৰ উৎস: পালেং শাকত ভিটামিন এ থাকে, যিয়ে আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱেশৰ পৰা অহা বহুতো সংক্ৰমণৰ পৰা ৰক্ষা কৰে ।
হাড়ৰ স্বাস্থ্য:পালেং শাকত কেলচিয়াম, মেগনেছিয়াম, ভিটামিন কে থাকে, যিয়ে হাড়ৰ শক্তি আৰু স্বাস্থ্য বৃদ্ধি কৰে ।
আভ্যন্তৰীণ পৰিষ্কাৰ-পৰিচ্ছন্নতা: পালেং শাকতআঁহ আৰু ভিটামিন এ থাকে, যিয়ে আভ্যন্তৰীণ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাত সহায় কৰে ।