অপ্ৰয়োজনীয়ভাৱে সিদ্ধান্ত বা কাৰ্য পিছুৱাই দিয়াৰ কাৰ্যই প্ৰায়ে সফলতাৰে লক্ষ্য অনুসৰণ কৰাত বাধাৰ সৃষ্টি কৰে ৷ বিলম্বন নতুবা এলাহে এজন ব্যক্তিৰ শাৰিৰীক মানসিক বিকাশত বাধাৰ সৃষ্টি কৰে ৷ এলাহৰ বশৱৰ্তী হোৱা প্ৰতিজন মানুহেই জীৱনত বৰ্ধিত চাপ আৰু অনুন্নত শাৰীৰিক, মানসিক স্বাস্থ্যৰ সৈতে মোকাবিলা কৰিব লাগে ৷ টুইটাৰত UpSkillYourLife ৰ এটা থ্ৰেড অনুসৰি, আমি পলম কৰাৰ কিছুমান কাৰণ আছে ( Reasons why we procrastinate) ৷ এই কাৰণবোৰৰ আঁৰৰ মনোবৈজ্ঞানিক তথ্য বুজি লৈ সেইবোৰৰ অতিক্ৰম কিদৰে কৰিব লাগে জানো আহকচোন-
1. পাৰফেক্টনিষ্টৰ ভয়(A perfectionist's fear)
এজন ব্যক্তিৰ অৱচেতন মনত থকা বিফলতাৰ ভয়ৰ ফলত পলম হয় । সাম্ভাৱ্য নেতিবাচক পৰিণামৰ সন্মুখীন হোৱাৰ ভয়তো এজন ব্যক্তিয়ে কাম পিছলৈ পেলাই থয় । বিলম্বনৰ আন এটা মুখ্য অৱদান হ'ল ভাল ধৰণে কাম কৰাৰ সলনি কামবোৰ 'সঠিক ধৰণে' সম্পন্ন কৰাৰ মানসিকতা ।
কেনেদৰে এই চিন্তাৰ পৰা মুক্ত কৰিব নিজকে ?
কাম এটা ইতিবাচকভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক । তাৰ আগতে বুজি ল’ব যে নিখুঁততা এটা ভিত্তিহীন ধাৰণা । আপোনাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰক আৰু ইয়াৰ প্ৰয়োজনীয়তা চিনাক্ত কৰক ।
2. সপোন দেখাজনৰ সপোনটো পূৰাবলৈ কামৰ প্ৰতি অনিহা(A dreamer's lack of action)
আমি প্ৰায়ে আমাৰ সৃষ্টিশীলতাৰ ভিত্তিত যিকোনো কামৰ পৰিকল্পনা আৰু অনুসূচী তৈয়াৰ কৰোঁ । সৃষ্টিশীল কামবোৰে পূৰ্ণতা নোপোৱাৰ এটা কাৰণ হৈছে আমি ভাবোতে বহুত ভাবো কিন্তু সেইবোৰ কাৰ্যকৰী কৰিব নোৱাৰো । এইটো তেতিয়া হয় যেতিয়া ধাৰণাটো নিশ্চিত হোৱাৰ পিছত কোনো দৃঢ় লক্ষ্য নিৰ্ধাৰণ কৰা নহয় । ইয়াৰ উপৰিও এক লক্ষ্যবিহীন দৃষ্টিভংগীয়ে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অভাৱ আৰু পলম হোৱাত অৰিহণা যোগায় ৷
কেনেদৰে মুক্ত কৰিব নিজকে ইয়াৰ পৰা ?
এটা সঠিক লক্ষ্য নিশ্চিত কৰি লোৱাৰ পিছত আপুনি সেই লক্ষ্যত উপনীত হ’বলৈ সময় নিৰ্ধাৰণ কৰি ল’ব পাৰে ৷ সেই লক্ষ্য আপুনি কেতিয়া আৰু কেনেদৰে বিচাৰে তাৰ এটা আঁচনি তৈয়াৰ কৰি ল’ব পাৰে ৷ নিজকে সঠিক পথত আৰু দায়বদ্ধ কৰি ৰাখিবলৈ এই অভ্যাস নিয়মীয়াকৈ প্ৰয়োগ আৰু অনুশীলন কৰক ৷
3.কাম এটা পৰিহাৰ কৰাৰ প্ৰৱণতা(An overwhelmed avoider)
প্ৰায়ে আমি কৰিব নিবিচৰা কামবোৰক অত্যাধিক বুলি গণ্য কৰো । এনে পৰিস্থিতিত কাম এটাৰ ক্ষেত্ৰত আমি পলম কৰাটো স্বাভাৱিক । মানসিকভাৱে, কাম এটাৰ জটিলতাই মস্তিষ্কৰ অনুপ্ৰেৰণা হ্ৰাস কৰে আৰু ইয়াক সম্পূৰ্ণৰূপে পৰিহাৰ কৰে ।