ডিমা হাছাও, 6 আগষ্ট : ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিল শিলচৰ-সৌৰাষ্ট্ৰৰ ইষ্ট-ৱেষ্ট ক’ৰিডৰৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ । বৃহস্পতিবাৰৰ দিনৰ ভাগত দুঘণ্টা সময় ভূমিস্খলনৰ ফলত বন্ধ আছিল 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ । ইপিনে বৃহস্পতিবাৰৰ নিশা প্ৰবল বৰষুণৰ ফলত শুকুৰবাৰে পুৱা আকৌ বন্ধ হৈ পৰে শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ।
উল্লেখ্য যে, বৰাক উপত্যকা, ত্ৰিপুৰা,মণিপুৰ আৰু মিজোৰামৰ বাবে অতি গুৰুত্বপূৰ্ণ এই 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো । ভূমিস্খলনৰ ফলত এই ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ আছে বহু যানবাহন । অন্যহাতে ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা শোচনীয় হৈ পৰে ।
ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ শিলচৰ-সৌৰাষ্ট্ৰৰ ইষ্ট-ৱেষ্ট ক’ৰিডৰৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰিমবাংলো আৰু জাতিংগাৰ মাজতে এন লেইকুল গাঁৱৰ এছ কাৰ্ভত বৰষুণ হ’লেই পাহাৰৰ পৰা নামি অহা পানীৰ লগতে মাটি আৰু শিল খহি পৰি ঘাইপথটো বন্ধ হৈ পৰে আৰু যানবাহন চলাচলৰ ক্ষেত্ৰত যথেষ্ট সমস্যা হয় । 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰা এজন চালকে কয় যে, তেওঁ ডেৰ ঘণ্টাৰ ধৰি এই ভূমিস্খলন অঞ্চলটোত আৱদ্ধ হৈ আছে আৰু এনেকৈয়ে ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুই ফালে বহু যানবাহন বৃহস্পতিবাৰৰ নিশাৰ পৰাই আৱদ্ধ হৈ আছে ।
লগতে পঢ়ক:সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই জ্বলালে অখিল গগৈৰ পুত্তলিকা