অসম

assam

ETV Bharat / state

ওদালগুৰিৰ সঞ্জনাই বাদ দিছে চাৰ্টাৰ্ড একাউন্টেত হোৱাৰ ইচ্ছা ! - ETV_ASSAM

দৰিদ্ৰতা বাধা হ'ব নোৱাৰে অধ্যয়নৰ ক্ষেত্ৰত কিন্তু উচ্চ শিক্ষাৰ বাবে যে যথেষ্ট টকাৰ প্ৰয়োজন এই কথা বুজিয়েই যেন চাৰ্টাৰ্ড একাউন্টেত পঢ়াৰ ইচ্ছা বাদ দিছে দৰিদ্ৰ পৰিয়ালৰ সঞ্জনাই ৷

ওদালগুৰিৰ সঞ্জনাই বাদ দিছে চাৰ্টাৰ্ড একাউন্টেন্ট হোৱাৰ ইচ্ছা !

By

Published : May 26, 2019, 5:37 PM IST

ওদালগুৰি, 26 মে' : সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত 4 টা বিষয়ত লেটাৰ নম্বৰ সহ 81.6% নম্বৰ লাভ কৰিব সক্ষম হৈছে ওদালগুৰিৰ সঞ্জনাই । সঞ্জনাৰ পিতৃ ৰাজেন ছেত্ৰী পেচাত এজন ডাম্পাৰ চালক‌ ৷ পিতৃয়ে কৰ্ম সূত্ৰে ঘৰৰ বাহিৰত থকা বাবে মাতৃ বিনু ছেত্ৰীয়ে ঘৰৰ সমস্ত কাম কৰিব লগা হোৱাত মাতৃক বিভিন্ন কামত সহায় কৰি দিছিল সঞ্জনাই । কেতিয়াবা আৰ্থিক অসুবিধাৰ বাবে থমকিও ৰ'ব লগা হৈছিল ছাত্ৰী গৰাকী । কিন্তু ইমানৰ পিছতো হাৰ মনা নাছিল কৃতী ছাত্ৰী সঞ্জনা । অৱশেষত নানা বাধাৰ মাজতো সফলতাৰে সঞ্জনা উত্তীৰ্ণ হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত। সঞ্জনা সফলতাৰে উত্তীৰ্ণ হোৱা বাতৰি পোৱাৰ লগে লগে ওচৰ চুবুৰীয়াৰ লগতে শুভাকাংক্ষী সকল উপস্থিত হয় সঞ্জনাৰ ঘৰত । কিন্তু কন্যাৰ সফলতাৰ বাতৰি লাভ কৰিও কৰ্তব্যৰ খাতিৰত ঘৰলৈও আহিব নোৱাৰিলে পিতৃ ৷

ইফালে সাংবাদিকৰ আগত ছাত্ৰীগৰাকীয়ে ব্যক্ত কৰে যে, সঞ্জনাৰ একাউন্টেন্ট পঢ়াৰ যথেষ্ট ইচ্ছা আছে ৷ ভৱিষ্যতে এগৰাকী চাৰ্টাৰ্ড একাউন্টেন্ট হোৱাৰ মন যদিও কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে যেন ছাত্ৰী গৰাকীয়ে এই আশা এক প্ৰকাৰে বাদেই দিছে ৷ সেয়ে এই ক্ষেত্ৰত কৃতি ছাত্ৰী গৰাকীক সহায় কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে ৷ অৱশ্যে দৰিদ্ৰ পৰিয়ালৰ কৃতী ছাত্ৰীগৰাকীলৈ ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ চকু পৰেনে নাই সেইয়া সময়তহে লক্ষণীয় হ'ব ৷

ওদালগুৰিৰ সঞ্জনাই বাদ দিছে চাৰ্টাৰ্ড একাউন্টেন্ট হোৱাৰ ইচ্ছা !

ABOUT THE AUTHOR

...view details