অসম

assam

By

Published : Jun 11, 2020, 4:27 PM IST

ETV Bharat / state

কৰ'ণা ভাইৰাছে নিজ গৃহলৈ উভতাই আনিলে ওদালগুৰিৰ সনাতন দাসক

১০ আগষ্টত বাংগালুৰুৰ আত্মীয়ৰ ভাড়াঘৰৰ পৰা সন্ধাহীন হয় সনাতন দাস। কিন্তু কৰ'ণা ভাইৰাছৰ বাবে বহিঃ ৰাজ্যৰ পৰা লাখ লাখ লোক নিজ নিজ গৃহলৈ উভতি অহাৰ সময়তে ওদালগুৰিৰ ঘৰখনলৈ উভতি আহিল সনাতন দাস। বর্তমান ওদালগুৰি জিলাৰ বেংবাৰী হাইস্কুলৰ কোৱাৰান্টাইন চেণ্টাৰত আছে সনাতন দাস।

Udalguri
ওদালগুৰি

ওদালগুৰি, 11 জুন :কৰ'ণা ভাইৰাছে সুখবৰ কঢ়িয়াই আনিলে ওদালগুৰিৰ এটা পৰিয়াললৈ। এবছৰে সন্ধানহীন হৈ থকা পৰিয়ালৰ মূৰব্বীজনৰ সন্ধান দিলে কৰ'ণা মহামাৰীয়ে। দৰাচলতে,৪ আগষ্টত বাংগালুৰুলৈ গৈছিল ওদালগুৰিৰ সনাতন দাস নামৰ লোকজন। কিন্তু ১০ আগষ্টত বাংগালুৰুৰ আত্মীয়ৰ ভাড়াঘৰৰ পৰা সন্ধাহীন হয় সনাতন দাস। কিন্তু কৰ'ণা ভাইৰাছৰ বাবে বহিঃ ৰাজ্যৰ পৰা লাখ লাখ লোক নিজ নিজ গৃহলৈ উভতি অহাৰ সময়তে,ওদালগুৰিৰ ঘৰখনলৈ উভতি আহিল সনাতন দাস। বর্তমান ওদালগুৰি জিলাৰ বেংবাৰী হাইস্কুলৰ কোৱাৰান্টাইন চেণ্টাৰত আছে সনাতন দাস। জানিব পৰা মতে এবছৰে কন্যাকুমাৰীৰ এখন আশ্ৰমত বাস কৰি আছিল সনাতন দাস। ধনৰ বাবে নিজ গৃহলৈ উভতিব পৰা নাছিল লোকজন ৷ কিন্তু এই সময়ত চৰকাৰে বিনামূলীয়াকৈ দিয়া ৰে'লৰ সুবিধাৰ বাবে অৱশেষত ঘৰ পালে সনাতন দাস ৷

কৰ'ণা ভাইৰাছে নিজ গৃহলৈ উভতাই আনিলে ওদালগুৰিৰ সনাতন দাসক
লগতে পঢ়কঃবাঘজান ঘটনা সন্দৰ্ভত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details