অসম

assam

ETV Bharat / state

ধনশ্ৰীঘাটত পথ দুৰ্ঘটনাঃ নিহত 1

ওৰাং বজাৰলৈ গৈ থকা অৱস্থাত সোমবাৰে পুৱা 9 মান বজাত এখন ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱাই আব্দুল ৰহিম নামৰ এজন লোকে ৷

By

Published : Jun 3, 2019, 1:57 PM IST

ধনশ্ৰীঘাটত পথ দুৰ্ঘটনাঃ নিহত 1

ওদালগুৰি,3 জুনঃ ওদালগুৰিৰ ধনশ্ৰীঘাটত সোমবাৰে পুৱা 9 মান বজাত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । আব্দুল ৰহিম নামৰ এজন ব্যৱসায়ীয়ে বেঙেনাবাৰী জংঘলৰ নিজৰ ঘৰৰ পৰা AS 27 B6784 নম্বৰৰ মটৰ চাইলেৰে ওৰাং বজাৰলৈ গৈ থকা অৱস্থাত AR-03-0873 নম্বৰৰ এখন ট্ৰাকে পিছ পিনৰ পৰা মহতিয়াই নিয়ে । ফলত ঘটনাস্থলীতে মৃত্যু হয় লোক জনৰ । ইপিনে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে পলায়ন কৰে ট্ৰাক খনৰ ড্ৰাইভাৰজন । পিছত দুৰ্ঘটনাস্থলীত ওৰাং আৰক্ষী উপস্থিত হৈ ট্ৰাক খন জব্দ কৰাৰ লগতে লোক জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

...view details