ওদালগুৰি, 25 এপ্ৰিলঃ পুনৰ হাতী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ল’লে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত । বুধবাৰে নিশা প্ৰায় ৯ বজাত জিলা খনৰ ডিমাকুছি থানাৰ অন্তৰ্গত ২ নং চেগুনবাৰীত হাতীৰ আক্ৰমণত নিহত হয় ৰাহুল সোণাৰি (১৬) নামৰ এজন ছাত্ৰ ৷
ওদালগুৰিৰ ডিমাকুছিত হাতীৰ আক্ৰমণত থিতাতে নিহত এজন - ৰাহুল সোণাৰী
বুধবাৰে নিশা প্ৰায় ৯ বজাত জিলা খনৰ ডিমাকুছি থানাৰ অন্তৰ্গত ২ নং চেগুনবাৰীত হাতীৰ আক্ৰমণত নিহত হ'ল ৰাহুল সোণাৰি (১৬) নামৰ এজন ছাত্ৰৰ
জানিব পৰা মতে ৰাহুলে বন্ধুৰ সৈতে বুধবাৰে ননাইকাষৰ বিহু অনুষ্ঠান উপভোগ কৰিবলৈ গৈ থাকোতে সন্মুখীন হৈছিল এটা বনৰীয়া হাতীৰ । ৰাহুলৰ বন্ধু কেইজনে হাতীটো দেখি পলায়ন কৰিবলৈ সক্ষম হয় যদিও ঘটনাস্থলীতে হাতীটোৰ গচকত মৃত্যু হয় ৰাহুলৰ । আনহাতে বৃহস্পতিবাৰে পুৱাৰ ভাগতে বন বিভাগে ৰাহুলৰ মৃতদেহ উদ্ধাৰ কৰি ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে । হাতীৰ আক্ৰমণৰ ফলত মৃত্যু হোৱা এই ঘটনাই ভাৰত-ভূটান অঞ্চলৰ ৰাইজৰ মাজত পুনৰ আতংকৰ সৃষ্টি কৰিছে ৷