অসম

assam

By

Published : Jul 2, 2020, 8:41 PM IST

ETV Bharat / state

ওদালগুৰি জিলা কাৰাগাৰত মৃত্যু কাৰাবন্দীৰ

পিতৃক হত্যা কৰাৰ অভিযোগত চলিত বৰ্ষৰে জানুৱাৰী মাহৰ টংলা থানাৰ ১৪/২০ নম্বৰত গোছৰ মৰ্মে কাৰাবন্দী হৈ আছিল সঞ্জয় বড়ো নামৰ অপৰাধীজন ৷

udalguri district jail one pisoner death
ওদালগুৰি জিলা কাৰাগাৰত অঘটন

দৰঙ,2জুলাইঃওদালগুৰি জিলাৰ জিলা কাৰাগাৰত বুধবাৰে নিশা মৃত্যু হোৱা এজন কয়দীক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ মৃত্যু হোৱা কয়দী জনৰ নাম সঞ্জয় বড়ো (৩১)৷ বুধবাৰে নিশা ৮ মান বজাত কয়দী জন হঠাৎ অসুস্থ হৈ পৰাত ওদালগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰে কয়দী সঞ্জয় বড়োক ৷

ওদালগুৰি জিলা কাৰাগাৰত অঘটন

উল্লেখযোগ্য যে পিতৃক হত্যা কৰাৰ অভিযোগত চলিত বৰ্ষৰে জানুৱাৰী মাহৰ টংলা থানাৰ ১৪/২০ নম্বৰত গোচৰ মৰ্মে কাৰাবন্দী হৈ আছিল সঞ্জয় বড়ো। ইপিনে মৃত সঞ্জয় বড়োৰ ঘৰ টংলা থানাৰ অন্তৰ্গত ৩ নং চেনীপাৰাত বুলি জানিব পৰা গৈছে । বৰ্তমান ওদালগুৰি অসামৰিক চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি জানিব পৰা গৈছে মৃত কয়দী জনৰ।

লগতে পঢ়কঃ জলাশয়ত গা ধুৱলৈ গৈ সন্ধানহীন দুজন যুৱক

ABOUT THE AUTHOR

...view details