অসম

assam

By

Published : Apr 17, 2019, 10:26 PM IST

ETV Bharat / state

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ওদালগুৰি জিলা প্ৰশাসন

জিলাখনৰ 581 টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং আৰু পুলিং বিষয়াৰ দল ৷ 190 টা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ মোতায়েন কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ ৬ জনকৈ জোৱান

নিৰ্বাচনৰ বাবে সাজু ওদালগুৰি জিলা প্ৰশাসন

ওদালগুৰি, 17 এপ্ৰিল : দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে ওদালগুৰি জিলা প্ৰশাসন ৷ ই ভি এমসহ ভোটদানৰ অন্যান্য সামগ্ৰী লৈ মংগলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত জিলাখনৰ ওদালগুৰি, পানেৰী আৰু মাজবাট বিধানসভা সমষ্টিৰ 581টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং অফিচাৰ আৰু পুলিং বিষয়াৰ দল ৷ জিলা খনৰ 190টা ভোটগ্ৰহণ কেন্দ্ৰক স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰহিচাপে চিনাক্ত কৰি কেন্দ্ৰসমূহত মোতায়েন কৰা হৈছে কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ ৬ গৰাকীকৈ জোৱান ৷ আনহাতে বাকী ভোটগ্ৰহণ কেন্দ্ৰসমূহত ১ গৰাকীকৈ কনিষ্টবল নিয়োজিত কৰা হৈছে বুলি অৱগত কৰে ওদালগুৰিৰ আৰক্ষী অধীক্ষক লংনিট তেৰাঙে ৷

নিৰ্বাচনৰ বাবে সাজু ওদালগুৰি জিলা প্ৰশাসন

উল্লেখ্য যে, 190 টা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰৰ কেইবাটাও কেন্দ্ৰ মংগলদৈ, কলাইগাঁও আৰু দলগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত । এই সমষ্টি তিনিটাৰ প্ৰশাসনিক ক্ষমতা দৰং জিলাৰ হাতত থাকিলেও ওদালগুৰি জিলাত থকা কেন্দ্ৰসমূহ তদাৰক কৰিব ওদালগুৰি আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details