অসম

assam

By

Published : Mar 12, 2019, 12:52 AM IST

ETV Bharat / state

লোকসভা নিৰ্বাচনৰ বাবে সাজু ওদালগুৰি জিলা প্ৰশাসন

ৰাজনৈতিক দলক লৈ অনুষ্ঠিত কৰিলে বৈঠক

লোকসভা নিৰ্বাচনৰ বাবে সাজু ওদালগুৰি জিলা প্ৰশাসন

ওদালগুৰি, ১১ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচনলৈ সাজু হৈ পৰিছে ওদালগুৰি জিলা প্ৰশাসন । সোমবাৰে ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত ৰাজনৈতিক দল আৰু সাংবাদিকসকলক সম্বোধন কৰি নিৰ্বাচনৰ প্ৰাথমিক নিয়ম আৰু জিলা প্ৰশাসনৰ পদক্ষেপৰ বিষয়ে অৱগত কৰে জিলা উপায়ুক্ত দিলীপ কুমাৰ দাস,অতিৰিক্ত উপায়ুক্ত( নিৰ্বাচনী) অমৰ জ্যোতি বৰ্মন আৰু নিৰ্বাচনী বিষয়া নিলোৎপল পাঠকে । নিৰ্বাচন সফলভাবে অনুষ্ঠিত কৰিবলৈ সকলোৰে সহযোগিতাও বিচাৰিলে জিলা প্ৰশাসনে । উপায়ুক্তই প্ৰকাশ কৰা তথ্য অনুসৰি, জিলাখনৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা ৪৩৪৬০৩ গৰাকী আৰু ভোট কেন্দ্ৰৰ সংখ্যা হ'ল ৫৮১ টা । ইপিনে অতি কম সময়ৰ ভিতৰতে নিৰ্বাচনৰ দায়িত্ব অৰ্পণ কৰা বিষয়া সকলক প্ৰশিক্ষণ দিয়া হ'ব বুলিও জনায় জিলা প্ৰশাসনে ।

লোকসভা নিৰ্বাচনৰ বাবে সাজু ওদালগুৰি জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details