ওদালগুৰি, 13 নৱেম্বৰ: ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত পুনৰ দুটাকৈ হাতীৰ কৰুণ মৃত্যু ঘটে। জিলাখনৰ চুতীয়াপাৰা আৰু ৫নং ভূটীয়াচাঙত মৃত্যু হয় বনৰীয়া হাতী দুটাৰ। জানিব পৰা মতে,বুধবাৰে পুৱা চুতীয়াপাৰাত স্থানীয় ৰাইজে এটা হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰে। হাতীটোৰ আনুমানিক বয়স ১৮ বছৰ ৷ উক্ত ঘটনা সন্দৰ্ভত ৰাইজে বনবিভাগৰ লোকক খবৰ দিয়ে ৷ ততালিকে বিভাগীয় লোক ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। আনহাতে,৫নং ভূটীয়াচাঙৰ চাহ বাগিছাৰ মাজতো এটা এবছৰীয়া পোৱালী হাতীৰ মৃতদেহ উদ্ধাৰ হয়। ইপিনে ২৪ ঘণ্টাৰ ভিতৰতে দুটাকৈ হাতীৰ মৃত্যু হোৱাৰ ফলত চলিত বৰ্ষত জিলাখনত মৃত্যু হোৱা হাতীৰ সংখ্যা ৮ টালৈ বৃদ্ধি পায়।
ওদালগুৰিত দুটাকৈ বন্যহস্তীৰ মৃত্যু - বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হোৱা বুলি সন্দেহ
ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত পুনৰ দুটাকৈ হাতীৰ কৰুণ মৃত্যু ঘটে,চুতীয়াপাৰা আৰু ৫নং ভূটীয়াচাঙত মৃত্যু হয় বনৰীয়া হাতী দুটাৰ,চলিত বৰ্ষত জিলাখনত মৃত্যু হোৱা হাতীৰ সংখ্যা ৮ টালৈ বৃদ্ধি পালে
ওদালগুৰিত দুটাকৈ বন্যহস্তীৰ মৃত্যু
আনহাতে,ওদালগুৰিৰ টেংকিবস্তিত যোৱানিশা হাতীৰ আক্ৰমণত এজন অচিনাক্ত লোকৰ মৃত্যু হোৱাৰো বাতৰি পোৱা গৈছে। হাতী মানুহৰ সংঘাতে সময়ে সময়ে ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে ৷
লগতে চাওক:মন্ত্ৰী চুম' ৰংহাঙৰ কনভয়ৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত , থিতাতে নিহত দেহৰক্ষী