ওদালগুৰি, 18 জুলাইঃ অৱশেষত উদ্ধাৰ হ’ল ওদালগুৰি জিলাৰ হৰিশিঙাৰ ক্লেনিজ বসুমতাৰী আৰু ফুংখা বসুমতাৰীৰ মৃতদেহ ৷ বুধবাৰে এছ ডি আৰ এফে উদ্ধাৰ কৰিবলৈ সক্ষম হয় নদীত উটি যোৱা ফুংখা বসুমতাৰীৰ মৃতদেহ । ছাত্ৰ দুজনৰ মৃত্যুৰ পিছতে অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ ৷
হৰিশিঙাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ - UDALGURI
ওদালগুৰি জিলাৰ হৰিশিঙাত উদ্ধাৰ হয় ক্লেনিজ বসুমতাৰী আৰু ফুংখা বসুমতাৰী মৃতদেহ ৷ মঙলবাৰে ভোল্লা নদী পাৰ হ'ব লওতে নদীৰ প্ৰৱল সোঁতে উটোৱাই নিছিল দুই ছাত্ৰক ৷
মঙলবাৰে ওদালগুৰি জিলাৰ হৰিশিঙাত নদীৰ প্ৰৱল সোঁতে উটুৱাই নিছিল ফুংখা বসুমতাৰী (১৪) আৰু ক্লেনিজ বসুমতাৰীক ৷ বুধবাৰে অভিযান চলাই এছ ডি আৰ এফে ফুংখা বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ কৰে ৷ ইপিনে বৃহস্পতিবাৰে একেটা ঘটনাতে সন্ধানহীন হোৱা ক্লেনিজ বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে ৷ ঘটনাটো সংঘটিত হোৱা ২ কিলোমিটাৰ নিলগৰ উত্তৰ কয়াবিলত উদ্ধাৰ কৰা হয় ছাত্ৰ জনৰ মৃতদেহটো ।
উল্লেখ যে, মঙলবাৰে আবেলি ৩ মান বজাত হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ক্লেনিজ বসুমতাৰী আৰু ডাইমণ্ড ইংলিছ স্কুলৰ নৱম শ্ৰেনীৰ ছাত্ৰ ফুংখা বসুমতাৰীয়ে বন্ধুৰ সৈতে নদীখন পাৰ হ'ব লওতেই নদীৰ সোঁতে উটুৱাই নিছিল দুয়োকে ।