North Easts First Aviation Academy: পাইলট প্ৰশিক্ষণৰ বাবে সাজু লখিমপুৰৰ লীলাবাৰী
মুকলি হ’ল উত্তৰ-পূব ভাৰতৰ প্ৰথমটো বৈমানিক প্ৰশিক্ষণ কেন্দ্ৰ (North east's first aviation academy)৷ মঙলবাৰে লখিমপুৰৰ লীলাবাৰীত কেন্দ্ৰটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই (Minister of Civil Aviation Jyotiraditya Scindia)৷
Pre Bihu Celebration : তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক ৰঙালী বিহু
ৰঙালীক কেন্দ্ৰ কৰি উথপথপ ৰাজ্য ৷ কাইলৈ গৰু বিহু ৷ তাৰে প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা, প্ৰাক ৰঙালী বিহু উদযাপনকে ধৰি বাৰেৰহণীয়া কাৰ্যসূচী ৷ তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়(Pre Bihu celebration Jugal HS School) তো মঙলবাৰে উদযাপন কৰা হয় প্ৰাক ৰঙালী বিহু ৷
Crime statistics in Guwahati: অপৰাধীৰ ৰম্যভূমিত পৰিণত গুৱাহাটী মহানগৰ
গুৱাহাটী মহানগৰী বৰ্তমান অপৰাধৰ ৰম্যভূমিত পৰিণত হৈছে । অপৰাধ ৰোধ কৰাৰ বাবে শেহতীয়াভাৱে আৰক্ষীয়ে অপৰাধীক এনকাউন্টাৰ কৰাৰ পিছতো আৰক্ষীয়ে অপৰাধ ৰোধ কৰিব পৰা নাই (Crime statistics in Guwahati) ৷ যোৱা ৭২ ঘন্টাত গুৱাহাটীৰ মাজমজিয়াত ৫ টাকৈ মৃতদেহ উদ্ধাৰ হৈছে । ইয়াৰে ৪ টা হত্যাৰ ঘটনা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ।
ডিলাইত পাঁচটা চিম্পাঞ্জী উদ্ধাৰ
কাৰ্বি আংলঙৰ ডিলাইত অবৈধভাৱে সৰবৰাহ কৰি নি থকা অৱস্থাত পাঁচটা চিম্পাঞ্জী উদ্ধাৰ(Five chimpanzees rescued at Dilai) ৷ এই অবৈধ কাৰ্যত জড়িত দুই মণিপুৰী যুৱকক আটক আৰক্ষীৰ ৷
Rangali Bihu 2022 : পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ৰঙালী বিহুৰ আয়োজন
অসমবাসীৰ অতিকে আদৰৰ ৰঙালী বিহুটিলৈ মাথো এদিন বাকী ৷ আগন্তুক ৰঙালী বিহু সন্দৰ্ভত মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰে পূৰ্বোত্তৰ মাৰোৱাৰী যুৱ মঞ্চই(Press meet of Marwari Yuva mancha) ৷ মঞ্চই সংবাদমেলখন সম্বোধন কৰি 16-17 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিবলৈ লোৱা(Rangali Bihu preparation of Marwari Yuva mancha) বুলি প্ৰকাশ কৰে ৷