Suspected Maoist Detain: মাওবাদীৰ সন্দেহত কৰিমগঞ্জত আটক স্বামী-স্ত্ৰী
মাওবাদী নেতা কাঞ্চন দা ওৰফে অৰুণ কুমাৰ ভট্টাচাৰ্যক গ্ৰেপ্তাৰৰ পিছত পোহৰলৈ আহিছে ন-ন তথ্য । বৰাক উপত্যকাৰ বিভিন্ন চাহ বাগিচাত মাওবাদীৰ এক বিশাল নেটৱৰ্ক গঢ়ি উঠিছে । দেওবাৰে কৰিমগঞ্জৰ পাথাৰকান্দিৰ সোনাখিৰাৰ পৰা এনআইএ আটক কৰিছে স্বামী-স্ত্ৰীক (NIA detained suspected Maoist from Karimganj)।
শীঘ্ৰেই অসমলৈ আহিব ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্রী, গৃহমন্ত্রী আৰু প্ৰতিৰক্ষা মন্ত্রী
শীঘ্ৰেই অসমলৈ আহিব কেইবাজনো হাইপ্ৰফাইল ব্যক্তি ৷ আগন্তুক কেইদিন অসমত সমাগম ঘটিব ভি ভি আই পিৰ (VVIPs to visit Assam ) ।যাৰ সম্প্ৰতি ব্যস্ত হৈ পৰিছে দিছপুৰ ৷ অসমৰ কেইবাটাও স্থানত হাইপ্ৰফাইলক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ চাওঁক অসমৰ কোন কোন স্থানত আহিব এই হাইপ্ৰফাইল ব্যক্তিসমূহ ৷
বদৰপুৰ ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ
বদৰপুৰ ৰে’ল ষ্টেচনত মাৰণাস্ত্ৰ জব্দ(Weapons recovered in Badarpur) ৷ ৰে’ল আৰক্ষীৰ তৎপৰতাত জব্দ হোৱা মাৰণাস্ত্ৰসমূহৰ ভিতৰত আছে চাৰিটা 7.65 পিষ্টল, 8 টা মেগজিন আৰু 15 জাঁই সজীৱ গুলি ৷ এই ঘটনা সন্দৰ্ভত আটক কৰা হৈছে দুজনকৈ লোক ৷
মাওবাদে পোখা মেলিছে ৰাজ্যত; টাৰ্গেটত চাহ বাগিছা অঞ্চল
ৰাজ্যৰ নিৰাপত্তা দিশটোৰ বাবে এক চাঞ্চল্যকৰ খবৰ ৷ গোপনে ৰাজ্যত খোপনি পুতিছে মাওবাদীয়ে ৷ দেওবাৰৰ দিনটোত তিনিগৰাকীকৈ মাওবাদী সদস্য আটক হৈছে ৰাজ্যত (Maoist leader nabbed in Assam) ৷ মাওবাদীৰ কেন্দ্ৰীয় কমিটিৰ সদস্য কাঞ্চন দাৰ পৰা বৰ্তমান সৰস্বতীলৈকে ৰাজ্যত মাওবাদী নেতা-সদস্য আটক হোৱা ঘটনাই চিন্তিত কৰি তুলিছে আৰক্ষী প্ৰশাসনৰ লগতে সচেতন মহলকো ৷
মৰাণত 214 টা পৰিয়ালক ভূমিপট্টা প্ৰদান মন্ত্ৰী যোগেন মহনৰ
চৰাইদেউ জিলাৰ মৰাণৰ দিৰৈ দেওঘৰীয়া গাঁৱৰ 214 টা পৰিয়ালক ভূমিপট্টা প্ৰদান ৰাজহ মন্ত্ৰী যোগেন মহনৰ(Land patta distribute at Charaideo) ৷ 'মিছন বসুন্ধৰা'ৰ জৰিয়তে 8 লাখ আবেদনকাৰীৰ ভিতৰত 6.50 লাখ আবেদনকাৰীৰ সমস্যা সমাধান কৰাৰ কথা ব্যক্ত কৰে মন্ত্ৰী যোগেন মহনে ৷