অসম

assam

ETV Bharat / state

ওৰাঙত গ্ৰেপ্তাৰ 3 জনকৈ অভিযুক্ত হৰিণা চিকাৰী - প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বন্যপ্ৰেমীৰ মাজত

ওৰাং ৰাষ্ট্ৰীয় উদ্যান এটা দল হৰিণা চিকাৰৰ অভিযোগত শুকুৰবাৰে, ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সুৰক্ষা কৰ্মীয়ে 3 জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

অভিযুক্ত হৰিণা চিকাৰী
অভিযুক্ত হৰিণা চিকাৰী

By

Published : Aug 7, 2020, 5:02 PM IST

দৰং, 7 আগষ্ট: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এটা দল হৰিণাৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বন্যপ্ৰেমীৰ মাজত ৷ আপুৰুগীয়া দল হৰিণাটোক হত্যা কৰাৰ অভিযোগত উদ্যানখনৰ বন সুৰক্ষা কৰ্মীয়ে গ্ৰেপ্তাৰ কৰিছে 3 জনকৈ অভিযুক্তক ৷

ওৰাঙত গ্ৰেপ্তাৰ 3 জনকৈ অভিযুক্ত হৰিণা চিকাৰী

বন বিভাগৰ লোকে জানিবলৈ দিয়া অনুসৰি, শেহতীয়া বানত উটি আহি ৰাষ্ট্ৰীয় উদ্যানখনতে থিতাপি লৈছিল দুটা দল হৰিণাই ৷ বাঘৰ লগতে আন হিংস্ৰ বন্যপ্ৰাণীৰ কবলৰ পৰা তেতিয়াৰে পৰাই উদ্যান কৰ্তৃপক্ষই ৰক্ষণাবেক্ষণ দি আহিছিল আপুৰুৰীয়া হৰিণা দুটাক ৷ কিন্তু বৃহস্পতিবাৰে নিশা এটা 3 জনীয়া অভিযুক্ত চিকাৰীৰ দলে উদ্যানখনত প্ৰৱেশ কৰি এটা হৰিণা হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ বন কৰ্তৃপক্ষই কাষৰীয়া এলেকাসমূহত ইয়াৰ বিৰুদ্ধে এক তালাচী চলায় ৷ বন কৰ্তৃপক্ষই চলোৱা তালাচীত পৰৱৰ্তী সময়ত চিকাৰ কৰি অনা দল হৰিণাটোৰ মাংস বিক্ৰী কৰি অৱস্থাত 3 জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে 40 কিল'গ্ৰাম মাংস জব্দ কৰে বন সুৰক্ষা কৰ্মীয়ে ৷ আটকাধীন অভিযুক্ত কেইজন ক্ৰমে তালেব আলী, চাইদুল ইছলাম আৰু আব্দুল হক বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক:এটা ছাগলীক কেন্দ্ৰ কৰি জামুগুৰিহাটত হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details