অসম

assam

ETV Bharat / state

কংগ্ৰেছেহে জাতি-মাটি-ভেটি ৰক্ষা কৰিছে: ৰিপুন বৰা

ওদালগুৰিত শনিবাৰে মঙ্গলদৈ সমষ্টিৰ কংগ্ৰেছ মনোনীত প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰত ভাগ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । এই প্ৰচাৰ সভাত বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ ৰিপুন বৰাই মোদীৰ অসম আগমনত একো নতুনত্ব নথকা বুলি মন্তব্য কৰে ৷

By

Published : Mar 30, 2019, 11:59 PM IST

প্ৰচাৰ সভাত ৰিপুন বৰা

ওদালগুৰি,30মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ওদালগুৰিত ভিৰ কৰিছে ইজনৰ পাচত সিজন নেতাই । শনিবাৰেও জিলাখনত মঙ্গলদৈ সমষ্টিৰ কংগ্ৰেছ মনোনীত প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । মাজবাটত হোৱা নিৰ্বাচনী সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে বিজেপি চৰকাৰ বিভিন্ন ক্ষেত্ৰত ব্যর্থ হোৱা বুলি অভিযোগ কৰাৰ লগতে শনিবাৰে মোদীৰ অসম ভ্ৰমণত কোনো নতুনত্ব নাই বুলি উল্লেখ কৰে। মোদীৰ প্ৰতিশ্ৰুতি এতিয়া মানুহে বিশ্বাস নকৰে বুলিও মন্তব্য কৰে সভাপতি ৰিপুন বৰাই । আনহাতে কংগ্ৰেছ দলহে প্ৰকৃততে জাতি-মাটি-ভেটি ৰক্ষা কৰা দল বুলি ভাষণ প্ৰসংগত কয় সভাপতি বৰাই ।

"কংগ্ৰেছেহে জাতি-মাটি-ভেটি ৰক্ষা কৰিছে": ৰিপুন বৰা

আনহাতেএইবাৰ নিৰ্বাচনত ১০ খন আসন কংগ্ৰেছ দলে পাব বুলিও আশা প্ৰকাশ কৰে সভাপতি বৰাই । কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত ৰিপুন বৰাই বিজেপিয়ে মানুহক বিভ্ৰান্ত কৰিবলৈ এনে অযুক্তিকৰ কথা কৈ প্ৰচাৰ চলাইছে বুলি অভিযোগ কৰে ৰিপুন বৰাই ।

ABOUT THE AUTHOR

...view details