অসম

assam

By

Published : Apr 11, 2019, 2:08 PM IST

ETV Bharat / state

ৰৌতাত পথ দুৰ্ঘটনাঃ নিহত 1, আহত 1

থিতাতে নিহত হয় বাইক আৰোহী অখিল দে' আৰু গুৰুতৰভাৱে আহত হয় আন এজন বাইক আৰোহী অধিৰ দে' ৷ মালবাহী ট্ৰাকত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা

ৰৌতাত পথ দুৰ্ঘটনাত নিহত 1 আহত 1

ওদালগুৰি, 11 এপ্ৰিলঃওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ফকিৰ আলিত বুধবাৰে নিশা ১০ মান বজাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা AS-01FC-4457 নম্বৰৰ মালবাহী ট্ৰাকৰ পিছফালে AS-01DB-6099 নম্বৰৰ বাইকখনে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী অখিল দে'। এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন বাইক আৰোহী অধিৰ দে'। পিছত আহত অধিৰ দে'ক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজ তথা আৰক্ষীয়ে । দুৰ্ঘটনাত পতিত হোৱা বাইক আৰোহী দুজন শোণিতপুৰৰ ঢেকীয়াজুলিৰ বুলি জানিব পৰা গৈছে ।

ৰৌতাত পথ দুৰ্ঘটনাত নিহত 1 আহত 1

ABOUT THE AUTHOR

...view details