পথ নে পুখুৰী ! গাঁও নহয় এইয়া ওদালগুৰি চহৰ - প্ৰতিবাদ
ৰাইজে বছৰ বছৰ ধৰি ভুগি অহা এই সমস্যাৰ বিৰুদ্ধে অৱশেষত সোচ্চাৰ হৈ পৰিল ওদালগুৰি পৌৰসভা, দালগুৰি সমষ্টিৰ বিধায়ক ৰিহণ দৈমাৰী আৰু স্থানীয় এম চি এল এ ৰিপেন দৈমাৰীৰ বিৰুদ্ধে ৷
ওদালগুৰি,12 মে’: ওদালগুৰি চহৰৰ 1 নং ৱাৰ্ডৰ সন্তোষী নগৰ পথৰ কদৰ্যময় ৰূপে এতিয়া জীয়াতু ভোগাইছে অঞ্চলবাসীক ৷ বছৰ বছৰ ধৰি পথটো নিৰ্মাণ নকৰাৰ ফলত এতিয়া এজাক বৰষুণ দিলেই পথলৈ ওলাব নোৱাৰা অৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছে জনতা ৷ কি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , কি কাৰ্যালয় , বজাৰ , চিকিৎসালয় সকলো ক্ষেত্ৰৰ যোগাযোগ স্থাপনতে এতিয়া হেঙাৰ হৈ থিয় দিছে চহৰৰ মাজৰ এইটো ব্যস্ত পথ ৷ কিন্তু ৰাইজে বছৰ বছৰ ধৰি ভুগি অহা এই সমস্যাৰ বিৰুদ্ধে অৱশেষত সোচ্চাৰ হৈ পৰিল ওদালগুৰি পৌৰসভা, দালগুৰি সমষ্টিৰ বিধায়ক ৰিহণ দৈমাৰী আৰু স্থানীয় এম চি এল এ ৰিপেন দৈমাৰীৰ বিৰুদ্ধে ৷ কেৱল নিৰ্বাচনৰ সময়তহে জন প্ৰতিনিধিৰ অঞ্চলটোলৈ মনত পৰে আৰু মিঠা মিঠা কথা কৈ ভোট আদায় কৰাৰ পিছত অঞ্চলটোৰ সমস্যাৰ প্ৰতি পিঠি দিয়া বুলি অভিযোগ তুলিছে এতিয়া স্থানীয় ৰাইজে ৷ দেওবাৰে নগৰবাসী ৰাইজে এক ৰাজহুৱা সভা অনুষ্ঠিত কৰি জনপ্ৰতিনিধি সকলক তীব্ৰ সমালোচনা কৰাৰ লগতে পথটো নিৰ্মাণৰ ব্যৱস্থা নল’লে 2020 চনত হ’বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচন আৰু 2021 চনত হ’বলগীয়া বিধানসভা নিৰ্বাচনত ভোটবৰ্জনৰ কাৰ্যসূচী ল’ব বুলিও হুংকাৰ দিয়ে ৷