ওদালগুৰিৰ 8 আগষ্টঃ ওদালগুৰিৰ ৰৌতা থানাৰ অন্তৰ্গত সিধাখোৱা গাঁৱৰ পৰা ওদালগুৰিলৈ এনআৰচিৰ শুনানিৰ বাবে গৈ থাকোতে সংঘটিত হয় এক পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত আহত হয় ১২ জনকৈ লোক । জানিব পৰা মতে বৃহস্পতিবাৰে দিনৰ ১১ বজাত সিধাখোৱা গাঁৱৰ লোক কেইজনে AS-27C-5485 নম্বৰৰ এখন অটোৰে শুনানিলৈ গৈ থকা অৱস্থাত ইকৰাবাৰীৰ পথৰ কাষত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে৷ দুৰ্ঘটনাৰ ফলত কম বেছি পৰিমাণে আহত হয় শুনানিলৈ গৈ থকা লোক কেইজন । পিছত আঘাত প্ৰাপ্ত লোক কেইজনক ইকৰাবাৰী আৰক্ষীয়ে ৰাইজৰ সহযোগত উদ্ধাৰ কৰি ৰৌতা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
এনআৰচিৰ শুনানিলৈ গৈ দুৰ্ঘটনাত পতিত ১২জনকৈ লোক
ওদালগুৰিত এনআৰচিৰ শুনানিত অংশ গ্ৰহণ কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হ'ল ১২জনকৈ লোক । আঘাত প্ৰাপ্ত লোক কেইজনক ৰাইজৰ সহযোগত ইকৰাবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰি প্ৰেৰণ কৰে ৰৌতা আদৰ্শ চিকিৎসালয়লৈ ।
এনআৰচিৰ শুনানিলৈ গৈ দুৰ্ঘটনাত পতিত ১২জনকৈ লোক
আনহাতে সিধাখোৱা গাঁৱৰ আবিদা বেগম আৰু মহিৰুদ্দিনৰ অৱস্থা সংকটজনক হোৱাত হাস্পাতাল কৰ্তৃপক্ষই লোক দুজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।