অসম

assam

ETV Bharat / state

ওদালগুৰিত বন্যহস্তীৰ তাণ্ডৱ

বৃহস্পতিবাৰে পুৱতি নিশা পানেৰি থানাৰ অন্তৰ্গত নুনাইখুটি গাঁৱত এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলায় ৷ মনোজ প্ৰধান নামৰ লোক এজনৰ দোকান ধংস কৰাৰ লগতে দোকানৰ সামগ্ৰী খাই নষ্ট কৰে হাতীয়ে ৷

By

Published : May 16, 2019, 8:44 PM IST

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত বনৰীয়া হাতীৰ তাণ্ডব

ওদালগুৰি, 16 মে’: ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলসমূহত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । বৃহস্পতিবাৰে পুৱতি নিশা পানেৰি থানাৰ অন্তৰ্গত নুনাইখুটি গাঁৱত এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলায় ৷ মনোজ প্ৰধান নামৰ লোক এজনৰ দোকান ধংস কৰাৰ লগতে দোকানৰ সামগ্ৰী খাই নষ্ট কৰে হাতীয়ে ৷ হাতী মানুহৰ সংঘাত এই অঞ্চলত নতুন নহয় যদিও বিগত কেইটামান বৰ্ষৰ পৰা বৃদ্ধি হ'বলৈ ধৰিছে এই সংঘাত ।

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত বনৰীয়া হাতীৰ তাণ্ডব

ABOUT THE AUTHOR

...view details