অসম

assam

By

Published : Feb 2, 2020, 2:33 PM IST

ETV Bharat / state

বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পৰিল কলাগুৰু সংগীত মহোৎসৱ

অন্ত পৰিল কলাগুৰু আৰ্টিচ ফাউণ্ডেচনৰ উদ্যোগত টংলা চহৰত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কলাগুৰু সংগীত মহোৎসৱ ৷ মঞ্চত জুবিনৰ ব্যতিক্ৰমী ৰূপে মন জয় কৰে দৰ্শকৰ। জুবিন গাৰ্গৰ বিশেষ পোছাকৰ লগতে চাহ জনগোষ্ঠীয় গীতে মন জয় কৰে অনুষ্ঠান উপস্থিত থকা সকলো দৰ্শকৰ। মহোৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচীৰ মাজতে জুবিন গাৰ্গৰ 'মা' এলবামৰ 'মোৰ মা' শীৰ্ষক গীতটোৰ মিউজিক ভিডিঅ'টি মুকলি কৰা হয়।

Kolaguru music festival was end on Saturday held in Tongla
বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পৰিল কলাগুৰু সংগীত মহোৎসৱ

ওদালগুৰি,2 ফ্ৰেৱুৱাৰী: বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে শনিবাৰে নিশা অন্ত পৰিল কলাগুৰু আৰ্টিচ ফাউণ্ডেচনৰ উদ্যোগত টংলা চহৰত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কলাগুৰু সংগীত মহোৎসৱ ৷ সামৰণি অনুষ্ঠানত জুবিন গাৰ্গ আৰু ঝাৰখণ্ডৰ বিশিষ্ট শিল্পী পদ্মশ্ৰী মুকুণ্ড নায়কৰ যুগলবন্দী সংগীত অনুষ্ঠানত অভিভুত হৈ পৰে দৰ্শক সকল । ইপিনে মঞ্চত জুবিনৰ ব্যতিক্ৰমী ৰূপে মন জয় কৰে দৰ্শকৰ। জুবিন গাৰ্গৰ বিশেষ পোছাকৰ লগতে চাহ জনগোষ্ঠীয় গীতে মন জয় কৰে অনুষ্ঠান উপস্থিত থকা সকলো দৰ্শকৰ। লগতে মহোৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচীৰ মাজতে জুবিন গাৰ্গৰ 'মা' এলবামৰ 'মোৰ মা' শীৰ্ষক গীতটোৰ মিউজিক ভিডিঅ'টি মুকলি কৰা হয়।

বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পৰিল কলাগুৰু সংগীত মহোৎসৱ

উল্লেখ্য যে, পদ্মশ্ৰী মুকুন্দ নায়কে অসমত অনুষ্ঠান পৰিৱেশন কৰি অভিভুত হৈ অসমক দ্বিতীয় ঘৰ বুলি কোৱাৰ লগতে জুবিন গাৰ্গকো নিজৰ সন্তান আখ্যা দিয়ে ৷ ইয়াৰ উপৰিও ধৰ্মৰ নামত ভাৰতক ভাগ ভাগ নকৰিবলৈও সকলোকে আহ্বান জনায় বিশিষ্ট শিল্পী গৰাকীয়ে ৷ অনুষ্ঠানৰ মাজতে কলাগুৰু আৰ্টিচ ফাইণ্ডেচনৰ পৰা এইবৰ্ষৰ কলাগুৰু বঁটা প্ৰদান কৰা হয় বিশিষ্ট চিত্ৰ শিল্পী ৰবিৰাম ব্ৰহ্মক লগতে ফনী শৰ্মা বঁটা প্ৰদান কৰা হয় বিশিষ্ট ওজাপালীৰ সাধক গুনীৰাম ৰাভাক ৷

বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পৰিল কলাগুৰু সংগীত মহোৎসৱ

জুবিন গাৰ্গ, মুকুণ্ড নায়কৰ সংগীতানুষ্ঠানৰ লগতে মহোৎসৱৰ অন্তিমটো নিশা ঝাৰখণ্ড, ভূটান , মণিপুৰ, অৰুণাচল আদিৰ সংস্কৃতিক অনুষ্ঠানৰ লগতে বৰপেটাৰ পৰা অহা হোলী দলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় হোলী গীত। হোলী গীতত অংশ গ্ৰহণ কৰে জুবিন গাৰ্গৰ পত্নী গৰীমা গাৰ্গ আৰু পবিত্ৰ ৰাভাই। অনুষ্ঠানৰ শেষৰফালে অনুষ্ঠানটো সফল ভাৱে সমাপ্তি হোৱাত সহায় কৰাৰ বাবে টংলাবাসী ৰাইজলে ধন্যবাদ জনায় জুবিন গাৰ্গে।

বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পৰিল কলাগুৰু সংগীত মহোৎসৱ

লগতে ফিল্মফেয়াৰৰ দৰে অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সন্দৰ্ভত জুবিন গাৰ্গে মত প্ৰকাশ কৰে যে "সংগীত, খেল, অৰ্থনীতি আদি আমি বৰ্জন কৰিব নোৱাৰো ৷ কা-বিৰোধী আন্দোলনৰ লগতে ইয়াৰ সম্পৰ্ক নাই ৷ সংস্কৃতি, খেল বন্ধ হ'ব নোৱাৰে, এইবোৰ চলি থাকিব" ৷ ইয়াৰ উপৰিও নিমন্ত্ৰণ পালে ফিল্মফেয়াৰৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে জুবিন গাৰ্গে ৷

বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পৰিল কলাগুৰু সংগীত মহোৎসৱ

লগতে পঢ়ক: কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details