অসম

assam

ETV Bharat / state

ওদালগুৰি চহৰৰ ফেমি পেলেচ হোটেলৰ কোৱাৰেণ্টাইন চেণ্টাৰ স্থানান্তৰ

বুধবাৰে এক নিৰ্দেশনা জাৰি কৰি জিলা প্ৰশাসনে কোৱাৰেণ্টাইন চেণ্টাৰটো ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছোৱালী হোষ্টেললৈ স্থানান্তৰ কৰে ৷ উল্লেখযোগ্য যে, পি এন ডি কমপ্লেক্সত ফেমি পেলেচ হোটেলখনৰ লগতে কমপ্লেক্সত বিদ্যুৎ বিভাগৰ কাৰ্যালয়, চেন্ট্ৰেল বেংকৰ লগতে আছে বিভিন্ন প্ৰতিষ্ঠান ৷

Hotel fami Palace's Quarantine center shifted to another place at udalguri
ওদালগুৰি চহৰৰ ফেমি পেলেচ হোটেলৰ কোৱাৰেণ্টাইন চেণ্টাৰ স্থানান্তৰ

By

Published : May 21, 2020, 3:26 PM IST

ওদালগুৰি, 21মে': অৱশেষত ওদালগুৰিৰ বহু ব্যস্ততাপূৰ্ণ অঞ্চলত থকা ফেমি পেলেচ হোটেলৰ কোৱাৰেন্টাইন চেণ্টাৰটো স্থানান্তৰ কৰা হয় ৷ স্থানীয় লোক তথা বিভিন্ন প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ মাজত হোৱা আতংক আৰু আপত্তিৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে এক নিৰ্দেশনা জাৰি কৰি জিলা প্ৰশাসনে কোৱাৰেণ্টাইন চেণ্টাৰটো ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছোৱালী হোষ্টেললৈ স্থানান্তৰ কৰে ৷

উল্লেখযোগ্য যে, পি এন ডি কমপ্লেক্সত ফেমি পেলেচ হোটেল খনৰ লগতে কমপ্লেক্সত বিদ্যুৎ বিভাগৰ কাৰ্যালয়, চেন্ট্ৰেল বেংকৰ লগতে আছে বিভিন্ন প্ৰতিষ্ঠান ৷ আনকি কৰ'ণাৰ আতংকত বিগত দুটা দিন ধৰি বিদ্যুৎ বিভাগে কাৰ্যালয়ত বিদ্যুৎ মাচুল সংগ্ৰহ কৰাৰ বিপৰীতে ৰাজপথতে চকী টেবুল পাৰি সংগ্ৰহ কৰিছিল বিদ্যুৎৰ মাচুল । যাৰ বাবে হোটেলখন কোৱাৰেণ্টাইন চেণ্টাৰ হিচাবে ঘোষণা কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

ওদালগুৰি চহৰৰ ফেমি পেলেচ হোটেলৰ কোৱাৰেণ্টাইন চেণ্টাৰ স্থানান্তৰ

ইয়াৰ পৰিপ্ৰেক্ষিতত অসম শক্তি বিতৰণ কোম্পানীৰ ওদালগুৰি উপ-সংমণ্ডলৰ অভিযন্তাৰ কাৰ্যালয়ৰ তৰফৰ পৰাও জিলা উপায়ুক্তক আপত্তি দৰ্শাই কোৱাৰেণ্টাইন চেন্টাৰতো স্থানান্তৰ কৰিবলৈ পত্ৰ যোগে অনুৰোধ কৰা হৈছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে অৱশেষত বন্ধ কৰি দিয়ে হোটেল খনত থকা কোৱাৰেণ্টাইন চেণ্টাৰটো ।

লগতে পঢ়কঃপ্ৰতীক হাজেলাৰ দুৰ্নীতিৰ তদন্ত বিচাৰি পুনৰ চি বি আইত গোচৰ অসম পাব্লিক ৱর্কছৰ

ABOUT THE AUTHOR

...view details