কোকৰাঝাৰ\দৰং, 9নৱেম্বৰঃসোমবাৰে ওদালগুৰি জিলাত প্ৰভাৱশালী মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই তিনিখনকৈ বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে ৷ ধনশ্ৰীঘাটত বিটিচি নিৰ্বাচনৰ বাবে ৰৌতা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কষ্ট বাগলাৰীৰ সমৰ্থনত আয়োজিত জনসভাত মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ বিভিন্ন জনমুখী আঁচনিৰ বিষয়ে নিজ ভাষণত উল্লেখ কৰে। তদুপৰি মন্ত্ৰীগৰাকীয়ে বিপিএফ দল আৰু হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰি এইবাৰ বিজেপিৰ নেতৃত্বতে বিটিচিৰ পৰিষদ গঠন হ'ব বুলি দাবী কৰে। ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে সুস্থ সিদ্ধান্তৰ মাজেৰে নিৰপেক্ষভাৱে বিটিচিৰ উন্নয়নৰ বাবে ৰাইজক ভোটপ্ৰদান কৰিবলৈ আহ্বান জনায় ৷
ইপিনে, ধনশ্ৰীঘাটৰ জন সভাৰ পিছতে মন্ত্ৰীগৰাকীয়ে হেলিকাপ্টাৰেৰে ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় ৷ তাৰপিছতে বাইক ৰেলী কৰি ওদালগুৰি চহৰৰ ৰাস মৈদানত ভৈৰৱকুণ্ড সমষ্টিৰ প্ৰাৰ্থী বিৰদাউ বসুমতাৰীৰ সমৰ্থনত আয়োজন কৰা জনসভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷