অসম

assam

ৰাজনৈতিক পৰিধিৰ উৰ্ধত থাকি জাতীয় সমস্যাৰ বিৰুদ্ধে মাৰ বান্ধি ঠিয় হ’ব প্ৰাক্তন আছু কৰ্মী

পুনৰ একত্ৰিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থ সকল । ৰাজনৈতিক পৰিধিৰ উৰ্ধত থাকি সন্মিলিত হ’ব এই শক্তি ৷ অতি কম দিনৰ ভিতৰতে কেন্দ্ৰীয় ভাৱে প্ৰাক্তন আছু কৰ্মী সকলৰ সমাবৰ্তন অনুষ্ঠিত হ'ব ।

By

Published : Nov 16, 2021, 8:15 PM IST

Published : Nov 16, 2021, 8:15 PM IST

ex-aasu-members-to-unite-for-the-state-beyond-political-identity
ৰাজনৈতিক পৰিধিৰ উৰ্ধত জাতীয় সমস্যাৰ বিৰুদ্ধে মাৰ বান্ধি হ’ব প্ৰাক্তন আছু কৰ্মী

ওডালগুৰি, 16 নবেম্বৰ :ৰাজনৈতিক পৰিধিৰ উৰ্ধত থাকি পুনৰ একত্ৰিত হ'ব সদৌ অসম ছাত্ৰ সন্থা(AASU)ৰ প্ৰাক্তন সতীৰ্থ সকল। অসমৰ সৰ্বাংগীন উন্নতি আৰু প্ৰাক্তন আছু কৰ্মী সকলৰ সমস্যাৰ বিষয়ৰ ওপৰত মাত মাতিব প্ৰাক্তন আছুৰ সতীৰ্থসকলে । সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী আৰু বিষয়ববীয়া একত্ৰিত হৈ মানৱীয় প্ৰমূল্যবোধৰে অসম আৰু অসমীয়াৰ জাতীয় আৰু সামাজিক সমস্যা সমাধানৰ উপায় উলিওৱাৰ প্ৰয়াস কৰিব ।

ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থ সকলক লৈ ৰৌতাৰ সমূৰ্ধি গেষ্ট হাউচত মঙলবাৰে অনুষ্ঠিত হ'ল অবিভক্ত দৰং জিলাৰ প্ৰাক্তন 'আছু' সতীৰ্থসকলৰ অন্তৰংগ আলাপ । বিশ্বনাথ, শোনিতপুৰ, ওদালগুৰি আৰু দৰং জিলাৰ প্ৰাক্তন আছু নেতা সকল একত্ৰিত হৈ অনুষ্ঠিত কৰে এই অন্তৰংগ আলাপ । সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ বিদায় লোৱা প্ৰাক্তন আছু কৰ্মী সকলে অসমৰ অৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব ।

ৰাজনৈতিক পৰিধিৰ উৰ্ধত জাতীয় সমস্যাৰ বিৰুদ্ধে মাৰ বান্ধি হ’ব প্ৰাক্তন আছু কৰ্মী

সিচৰিত হৈ থকা প্ৰাক্তন আছু কৰ্মী সকলক একত্ৰিত কৰি প্ৰত্যককে মানৱীয় সম্পৰ্কৰে গঢ়ি তোলাৰ মানসেৰে এখন মঞ্চ তৈয়াৰ কৰিব প্ৰাক্তন আছু নেতা-কৰ্মী সকলে । অতি কম দিনৰ ভিতৰতে কেন্দ্ৰীয় ভাৱে প্ৰাক্তন আছু কৰ্মী সকলৰ সমাবৰ্তন অনুষ্ঠিত হ'ব । অৰ্থনৈতিক ভাৱে অনগ্ৰসৰ আছুৰ প্ৰাক্তন সতীৰ্থসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে অনুষ্ঠিত হ'ব প্ৰাক্তন আছু কৰ্মীৰ কেন্দ্ৰীয় সমাবৰ্তন ।

মঙলবাৰে এই সকলো কথা আলোচনা কৰে প্ৰাক্তন আছু নেতা-কৰ্মী সকলে । ৰৌতাত অনুষ্ঠিত হোৱা অন্তৰংগ আলাপ আনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন শীৰ্ষ নেতা প্ৰবীন বড়ো , প্ৰাক্তন আছু নেতা কমলেশ ডেকা, প্ৰাক্তন আছু নেতা নিৰঞ্জন নাথ, প্ৰাক্তন আছু নেতা ফনি পাঠকৰ লগতে অবিভক্ত দৰং জিলাৰ আছুৰ প্ৰাক্তন নেতা-কৰ্মী সকল ।

লগতে পঢ়ক :বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন জয় কিষাণলৈ টেনজিং নৰগে দু:সাহসিক পৰ্বতাৰোহন বঁটা

ABOUT THE AUTHOR

...view details