ওদালগুৰি, 03 ছেপ্টেম্বৰ: ওদালগুৰিৰ বৰমুকুলিত উদ্ধাৰ কৰা হয় এটা হাতীৰ পোৱালী ৷ সোমবাৰে বৰমুকুলিৰ পৰা বন কৰ্মীয়ে উদ্ধাৰ কৰে মাতৃৰ সৈতে বিছিন্ন হৈ পৰা ৪-৫ মহীয়া হাতীৰ পোৱালীটো ৷ জানিব পৰা মতে, কেইবাদিনৰ পৰা মাকৰ পৰা বিচ্ছেদ হৈ অকলশৰীয়া হাতীৰ পোৱালীটো অনাই-বনাই ফুৰি থকা খবৰ লাভ কৰাত পোৱালীটো উদ্ধাৰৰ চেষ্টা লয় বন বিভাগে ৷
বৰমুকুলিত উদ্ধাৰ চাৰি-পাঁচ মহীয়া হাতীৰ পোৱালী - Udalguri Forest
বন বিভাগে পোৱালীটোৰ মাতৃৰ সন্ধানত অভিযান চলাইছিল যদিও বিফল হোৱাত পোৱালীটোক বিভাগটোৰ তত্বাৱধানত নোনাই ৰেঞ্জত ৰখাৰ লগতে কাজিৰঙাৰ চিকিৎসকৰ নিৰ্দেশত প্ৰদান কৰা হয় চিকিৎসা ৷
বৰমুকুলিত উদ্ধাৰ চাৰি-পাঁচ মহীয়া হাতীৰ পোৱালী
আনহাতে বন বিভাগে পোৱালীটোৰ মাতৃৰ সন্ধানত অভিযান চলাইছিল যদিও বিফল হোৱাত পোৱালীটোক বিভাগটোৰ তত্বাৱধানত নোনাই ৰেঞ্জত ৰখাৰ লগতে কাজিৰঙাৰ চিকিৎসকৰ নিৰ্দেশত প্ৰদান কৰা হয় চিকিৎসা ৷ হাতীৰ পোৱালীটোক মঙলবাৰে পুৱা কাজিৰঙালৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিছে বন বিভাগে ৷