অসম

assam

ETV Bharat / state

হস্তী-মানৱ সংঘাত:ওদালগুৰিত মৃত্যু এজনৰ - বন্যহস্তী

ৰাজ্যত অব্যাহত আছে হস্তী-মানৱৰ সংঘাত ৷ ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত পুনৰ বন্যহস্তীৰ আক্ৰমনত প্ৰাণ গ'ল এজনৰ ৷ এই সংঘাতৰ ফলত চলিত বৰ্ষত কেৱল ওদালগুৰি জিলাত প্ৰাণ হেৰুৱাইছে 15 জন লোকে ৷

হস্তী-মানৱ সংঘাত

By

Published : Jul 25, 2019, 1:43 PM IST

ৰাজ্যত অব্যাহত আছে হস্তী-মানৱৰ সংঘাত ৷ ক্ৰমে জটিল ৰূপ ধাৰণ কৰা এই সংঘাতৰ ফলত চলিত বৰ্ষত কেৱল ওদালগুৰি জিলাত প্ৰাণ হেৰুৱাইছে 15 জন লোকে ৷ ইয়াৰ উপৰিও চাৰিটা বন্যহস্তীৰো মৃত্যু হৈছে এই সংঘাতত ৷

হস্তী-মানৱ সংঘাত

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত পুনৰ বন্যহস্তীৰ আক্ৰমনত প্ৰাণ গ'ল এজনৰ ৷ জিলাখনৰ পানেৰী থানাৰ অন্তৰ্গত ছাগলীঝাৰত বুধবাৰে সন্ধিয়া বন্যহস্তীৰ আক্ৰমণৰ বলি হয় গালৰ ৱাৰি নামৰ এজন লোক ৷ গোগামুখৰ পৰা আত্মীয়ৰ ঘৰত আলহি খাবলৈ আহিছিল লোকজন ৷ সন্ধিয়া শালপতিৰ সৈতে গৰু আনিবলৈ যাওঁতেই এটা বনৰীয়া হাতীয়ে খেদি খেদি আক্ৰমণ কৰে ৱাৰিক ৷হাতীৰ আক্ৰমণত থিতাতে মৃত্যু হয় গালৰ ওৱাৰিৰ । উল্লেখ্য যে, ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত হাতী-মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাই আহিছে যদিও ইয়াৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বন বিভাগ ৷

ABOUT THE AUTHOR

...view details