অসম

assam

By

Published : Mar 17, 2019, 9:26 PM IST

ETV Bharat / state

নিৰ্বাচনী সজাগতা ওদালগুৰি জিলা প্ৰশাসনৰ

লোকসভা নিৰ্বাচনৰ পূৰ্বে সজাগতামূলক পদক্ষেপ গ্ৰহন কৰিছে ওদালগুৰি জিলা প্ৰশাসনে । লোকসভা নিৰ্বাচনত জনতাৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ প্ৰশাসনে অনুষ্ঠিত কৰে এক কুইজ প্ৰতিযোগিতা ।

QUIZ COMPETITION

নিউজ ডেস্ক, ১৭ মাৰ্চ: দেশৰ অন্য প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো লোকসভা নিৰ্বাচনৰ পূৰ্বে সজাগতামূলক পদক্ষেপ চলাইছে ওদালগুৰি জিলা প্ৰশাসনে । লোকসভা নিৰ্বাচনত জনতাৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ প্ৰশাসনে অনুষ্ঠিত কৰে এক কুইজ প্ৰতিযোগিতা । উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন উদ্ধোধন কৰে জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে আৰু পৰিচালনা কৰে শিক্ষক ৰেৱতী ৰমন সাপকোটা আৰু ৰঞ্জিৎ শৰ্মাই । জিলাখনৰ ২৬ খনকৈ বিদ্যালয়ৰ ৫৩ জন ছাত্ৰ - ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা জিলা পৰ্যায়ৰ কুইজ প্ৰতিযোগিতা খনত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে জৱাহৰ নবোদয় বিদ্যালয়, বান্দৰগুৰি হাইস্কুল আৰু মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ।

উল্লেখ্য যে, প্ৰতিযোগিতাখনত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা দল দুটাই অসম ভিত্তিত অনুষ্ঠিত হ'ব লগা কুইজ প্ৰতিযোগিতাত ওদালগুৰি জিলাৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব । বিজয়ী দল কেইটাক কিতাপ আৰু মানপত্ৰৰে পুৰস্কৃত কৰে ওদালগুৰি জিলা প্ৰশাসনে ।

ABOUT THE AUTHOR

...view details