ওদালগুৰি,16জুন: দেওবাৰে ওদালগুৰিত উদ্ধাৰ হয় যুৱকৰ মৃতদেহ । ওদালগুৰিৰ গলণ্ডিহাবিত থকা জলসিঞ্চন বিভাগৰ নলাৰে এজন অচিনাক্ত যুৱক মৃতদেহ উটি আহে । স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে-লগে ওদালগুৰি আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ।
ওদালগুৰিত জলসিঞ্চনৰ নলাৰে উটি আহিল যুৱকৰ মৃতদেহ
ওদালগুৰিৰ গলণ্ডিহাবিত থকা জলসিঞ্চন বিভাগৰ নলাৰে এজন অচিনাক্ত যুৱকৰ মৃতদেহ উটি আহে, যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে ওদালগুৰি আৰক্ষীয়ে ৷
ওদালগুৰি,16জুন: দেওবাৰে ওদালগুৰিত উদ্ধাৰ হয় যুৱকৰ মৃতদেহ । ওদালগুৰিৰ গলণ্ডিহাবিত থকা জলসিঞ্চন বিভাগৰ নলাত এজন অচিনাক্ত যুৱক মৃতদেহ উটি আহে । স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে-লগে ওদালগুৰি আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো । উল্লেখ্য যে, শনিবাৰে নিশা ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত জলসিঞ্চনৰ নলাটোৰ পানী বৃদ্ধ পাইছিল আৰু ইয়াৰ ফলতে মৃতদেহটো কিছু দুৰৰ পৰা উটি অহাৰ সন্দেহ কৰে স্থানীয় লোকে । চাৰ্ট আৰু পেন্ট পৰিহিত অচিনাক্ত যুৱকজনৰ পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও যুৱকজনৰ বয়স ২০ বছৰ হোৱাৰ আশংকা কৰা হৈছে ।
উল্লেখ্য যে, শনিবাৰে নিশা ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত জলসিঞ্চনৰ নলাটোৰ পানী বৃদ্ধ পাইছিল আৰু ইয়াৰ ফলতে মৃতদেহটো কিছু দূৰৰ পৰা উটি অহাৰ সন্দেহ কৰে স্থানীয় লোকে । চাৰ্ট আৰু পেন্ট পৰিহিত অচিনাক্ত যুৱকজনৰ পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও যুৱকজনৰ বয়স ২০ বছৰ হোৱাৰ আশংকা কৰা হৈছে ।