ৰৌতা এনকাউন্টাত সৃষ্টি হৈছে বিভ্ৰান্তিৰ ওদালগুৰি, 26 ফেব্ৰুৱাৰী :প্ৰসংগঃ ৰৌতা এনকাউন্টাৰ(Rowta Police Encounter)। আৰক্ষীৰ এই এনকাউন্টাৰত সৃষ্টি হৈছে বিভ্ৰান্তিৰ ৷ ওৰাঙৰ নতুন পানবাৰীৰ পাঁচনৈ পাৰত সমাধিস্থ কৰা মৃতদেহটো প্ৰকৃততে কাৰ ? ওদালগুৰিৰ ৰৌতাৰ দৈফাঙত সংঘটিত হোৱা ডকাইটিকাণ্ডত প্ৰতিদিনাই ৰহস্যৰ মাজলৈ সোমাই পৰিছে (Confusion in Rowta Police Encounter case) ।
দেওবাৰে মৃতদেহ পুঁতি থোৱা স্থানত উপস্থিত আৰক্ষীৰ গুলীত নিহত হোৱা ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নী আৰু পৰিয়ালৰ লোক । মৃতদেহ পুঁতি থোৱা স্থানত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে । আনকি মৃতদেহ পুঁতি ৰখা স্থানত উপস্থিত হৈ ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নীয়ে কান্দি-কান্দি অস্থিৰ হৈ পৰিছে । সোনকালে ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহটো পুঁতি থোৱা স্থানৰ পৰা উলিয়াই দিবলৈ আৰক্ষী তথা প্ৰশাসনক দাবী জনাইছে ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালৰ লোকে ৷
ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অৱলম্বন কৰিছে মৌনতাক ৷ আৰক্ষীৰ এই ভূমিকাক লৈয়ো বিভিন্ন প্ৰশ্নৰ উদ্বেগ ঘটিছে ৷ আনহাতে, আৰক্ষী তথা প্ৰশাসনে যদি ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালৰ লোকক মৃতদেহটো খান্দি নেদেখুৱাই, তেন্তে নিজেই মৃতদেহ খান্দি নিয়াৰ হুংকাৰ প্ৰদান কৰে ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক :Rowta Police Encounter update : ডকাইত কেনাৰাম বাচিল, আৰক্ষীৰ গুলীত প্ৰাণ গ’ল ডিম্বেশ্বৰ মুছাহাৰী
ইফালে দেওবাৰে ওদালগুৰিৰ ৰৌতাত ডিম্বেশ্বৰৰ মুছাহাৰীৰ পৰিয়ালৰ লোক কেনাৰাম বড়োৰ ঘৰত উপস্থিত হোৱাৰ পাচতে কেনাৰাম বড়োৰ পত্নীয়ে সলনি কৰিছে ভাষ্য । তেওঁৰ মতে, উক্ত দিনা কেনাৰামৰ মৃত্যু হোৱা খবৰ শুনি শোকস্তব্ধ হৈ পৰিছিল ৷ কান্দি-কাটি বাউলি হৈ থকা অৱস্থাতে মৃতদেহটো প্ৰত্যক্ষ কৰিছিল ৷ তেতিয়া সেই মৃতদেহটো কেনাৰামৰ বুলিয়েই ভাবিছিল কেনাৰামৰ পত্নীয়ে ৷
উল্লেখ্য যে, চলিত মাহৰ 24 তাৰিখে আৰক্ষীৰ গুলীত ওদালগুৰি জিলাৰ ৰৌতাত নিহত হৈছিল এজন লোক ৷ আৰক্ষী দাবী কৰিছিল যে, সেই লোকজন আছিল কুখ্যাত ডকাইত কেনাৰাম বড়ো ৷ কেনাৰাম বড়ো হৈছে ম’ষ্ট ৱান্টেড এটা ডকাইত ৷ যিয়ে আৰক্ষীৰ নিদ্ৰাহৰণ কৰিছিল ৷ আনকি ৰাজ্যৰ লগতে বহিঃৰাজ্যটো বহুকেইটা অপৰাধৰ লগত জড়িত আছিল কেনাৰাম ৷ কেনাৰামৰ বুলি আৰক্ষীয়ে মৃতদেহ চমজাই দিছিল কেনাৰামৰ পৰিয়ালৰ লোকক ৷
ইমানলৈকে সকলো ঠিকেই আছিল ৷ কিন্তু এই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ কৰাৰ পাচতে পোহৰলৈ আহিল উক্ত ঘটনাৰ আন এক নতুন মোৰ ৷ এগৰাকী মহিলাই দাবী কৰে যে, আৰক্ষীৰ গুলীত নিহত হোৱা লোকজন আছিল কেনাৰাম নহয়, তেওঁ ডিম্বেশ্বৰ মুছাহাৰীহে ৷ সেই মহিলাগৰাকী হৈছে ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নী ৷
কিন্তু তেতিয়া কেনাৰামৰ পৰিয়ালৰ লগতে তেওঁৰ পত্নীয়ে মৃতদেহটো কেনাৰামৰ বুলি দাবী কৰে (Rowta encounter update) ৷ অৱশ্যে বৰ্তমান কেনাৰামৰ পত্নীৰ দোদুল্যমান ভাষ্যই সৃষ্টি কৰিছে সন্দেহৰ ৷
লগতে পঢ়ক :Rowta Police Encounter update: আৰক্ষীৰ গুলীত নিহত কেনাৰাম নে ডিম্বেশ্বৰ; খান্দি উলিওৱা হ’ব মৃতদেহ