ওদালগুৰি,24 জুন:ওদালগুৰিত পুনৰ উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ৷ ওদালগুৰি থানাৰ অন্তৰ্গত মাজখুটি খেমেন গাঁৱত এই অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে ওদালগুৰি আৰক্ষীয়ে ৷ আৰক্ষীৰ এই অভিযানত উদ্ধাৰ হৈছে দুটা এ কে ৫৬ ৰাইফল, দুটা এ কে ৪৭ ৰাইফল, চাৰিটা মেগজিন, ১৭ জাঁই এছএলআৰৰ সজীৱ গুলিৰ লগতে ২০৩জাই একে চিৰিজৰ ৰাইফলৰ সজীৱ গুলি । উক্ত অস্ত্ৰখিনি পুখুৰী এটাৰ কাষৰ জংঘলত পুতি থোৱা আছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ৷
জংঘলৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ - অস্ত্ৰ শস্ত্ৰ
ওদালগুৰি জিলাত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান ৷
অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ
বুধবাৰে ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়ো, উপ-আৰক্ষী অধীক্ষক মইদুল ইছলাম আৰু ওদালগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাৰায়ণ পটংগীয়াৰ নেতৃত্বত ওদালগুৰি আৰক্ষীয়ে চলাইছিল এই অভিযান ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল উক্ত অভিযান ৷
লগতে চাওকঃবানত বুৰ গৈছে কাকপথাৰৰ শতাধিক গাঁও