অসম

assam

ETV Bharat / state

Minority Student Scholarship Scam:সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত চিবিআইক অৰ্পণ - ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত চিবিআইক অৰ্পণ

২০০৭ বৰ্ষৰ পৰা ২০২২ লৈ সংঘটিত হৈছিল সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ১০০ কোটিৰো অধিক টকাৰ বিয়াগোম কেলেংকাৰী । সংখ্যালঘু পৰিক্ৰমা বিভাগে তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰাৰ বিষয়ে অৱগত কৰিলে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।

Minority Student Scholarship Scam
সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰী

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 7:34 PM IST

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰী

ৰৌতা, ২২ আগষ্ট:সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ১০০ কোটিৰো অধিক টকাৰ বিয়াগোম কেলেংকাৰী সন্দৰ্ভত সৰৱ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ । অৱশেষত তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰিলে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা বিভাগে । ওদালগুৰি জিলাৰ ৰৌতাত অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আমছু নেতা গৰাকীৰ । অসমৰ ধুবুৰী,গোৱালপাৰা,দৰং,বৰপেটা,নগাঁও,মৰিগাঁও,গোলাঘাট,কামৰূপ(গ্ৰাম্য) আদি জিলাত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈ পৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ ।

তেওঁ কয় যে ২০০৭ বৰ্ষৰ পৰা ২০২২ লৈ সংঘটিত হৈছিল এই কেলেংকাৰী । বহু ভুৱা শিক্ষা প্ৰতিষ্ঠানৰ জৰিয়তে ধন উলিয়াই আত্মসাৎ কৰিছিল দুষ্টচক্ৰই । ৰাজ্যৰ এই সৰ্ববৃহৎ কেলেংকাৰীৰ তদন্তৰ নামত অসম চৰকাৰে ভেকোভাওনা কৰাৰ অভিযোগ কৰে আমছুৰ নেতাজনে । তেওঁ পুনৰ কয় যে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ নামত আৱন্টিত ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰা দুষ্টচক্ৰক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই আমছুৱে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল আন্দোলন । কিন্তু ৰহস্যজনকভাৱে ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰে ৰেজাউল কৰিম সৰকাৰে ।

চৰকাৰৰ বহুতো আমোলা-বিষয়া,ৰৌ-বৰালীৰ মুখা খোল খোৱাৰ ভয়ত তদন্তৰ নামত ভেকোভাওনা কৰি অহাৰ গুৰুতৰ অভিযোগ কৰি আমছুৰ নেতাজনে কয় যে ৰাজ্য চৰকাৰৰ তদন্তত কেৱলমাত্ৰ কেইজনমান বেংকৰ চি এছ পিৰ স্বত্বাধিকাৰী আৰু শিক্ষকক গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰিছে । অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা বিভাগে এই সৰ্ববৃহৎ কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ইতিমধ্যে চিবিআইক অৰ্পণ কৰিছে । ১০০ কোটিৰো অধিক টকাৰ কেলেংকাৰীৰ তদন্ত কৰিব চিবিআই-এ । সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰা চক্ৰৰ শেষৰ জন ব্যক্তিক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।

উল্লেখ্য় যে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হোৱা কেলেংকাৰীত বহু শিক্ষক, চৰকাৰী বিষয়া,বেংকৰ চি এছ পিৰ লগতে বহু দালাল জড়িত থকা বুলিও অভিযোগ উঠিছে ৷ বিশেষকৈ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ একাংশ স্বত্বাধিকাৰীয়ে ভুৱা একাউণ্ট খুলি সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ নামত ধন আত্মসাত কৰি অহাৰ অভিযোগ উঠিছে । ছাত্ৰ ছাত্ৰীৰ নামত একাংশ দালালে ছাত্ৰ বৃত্তিৰ ধন উদৰস্থ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ।

লগতে পঢ়ক:Protest demanding cancellation of NPS: NPS বাতিল কৰি OPS বাহাল ৰখাৰ দাবীত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details