অসম

assam

ETV Bharat / state

এইবাৰ নিৰ্বাচনত চাহ শ্ৰমিকৰ ভোট নাপাব পল্লৱ লোচন দাসে !! - etv assam

মন্ত্ৰী হৈ থাকোতেই পল্লৱ লোচন দাসে চাহ শ্ৰমিকসকলক বহু প্ৰতাৰণা কৰিছে বুলি উল্লেখ কৰি সাংসদ হ'লে আৰু প্ৰতাৰণা কৰিব বুলি মন্তব্য কৰে চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিটিকে ধৰি ৮ টা সংগঠনে । সেয়ে এইবাৰৰ নিৰ্বাচনত বিজেপি দলক বৰ্জন কৰাৰ লগতে ৰাইজকো বৰ্জন কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে ।

পল্লৱ লোচন দাসক ভোট দিয়াৰ পৰা বিৰত থকাৰ আহ্বান চাহ শ্ৰমিক সন্থাৰ

By

Published : Apr 7, 2019, 7:43 PM IST

গুৱাহাটী,7 এপ্ৰিল: আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ তেজপুৰৰ প্ৰাৰ্থী পল্লৱ লোচন দাসক ভোট দিয়াৰ পৰা বিৰত থকাৰ আহ্বান চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিকে সামৰি 8 টা সংগঠনৰ ।

পল্লৱ লোচন দাসক ভোট দিয়াৰ পৰা বিৰত থকাৰ আহ্বান চাহ শ্ৰমিক সন্থাৰ


দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি পল্লৱ লোচন দাসে চাহ জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ আনহাতে,অসমৰ শ্ৰম আয়ুক্তই চাহ শ্ৰমিকৰ মজুৰি 351.33 টকা হ'ব লাগে বুলি তথ্য সহকাৰে দাখিল কৰাৰ পাচতো মন্ত্ৰী পল্লৱ লোচন দাসে কৰা প্ৰতাৰণাৰ বাবেই বৰ্তমানেও চাহ শ্ৰমিকসকলে এই মজুৰি লাভ কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । কেৱল এয়াই নহয়,মন্ত্ৰী হৈ থাকোতেই পল্লৱ লোচন দাসে চাহ শ্ৰমিকসকলক বহু প্ৰতাৰণা কৰিছে বুলি উল্লেখ কৰি সাংসদ হ'লে আৰু প্ৰতাৰণা কৰিব বুলি মন্তব্য কৰি এইবাৰৰ নিৰ্বাচনত বিজেপি দলক বৰ্জন কৰাৰ লগতে ৰাইজকো বৰ্জন কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে ।

ABOUT THE AUTHOR

...view details