অসম

assam

ETV Bharat / state

ৰাজ্যৰ বিভিন্ন ঠাইত জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসক স্মৰণ - ইটিভি ভাৰত

বৰপেটা জিলাৰ কয়াকুছিত শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা অনুষ্ঠিত হয়। বিহালীৰ আগশাৰীৰ সংস্থা গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'চাইটিৰ উদ্যোগতো জাতীয় স্বহীদ পৰাগ কুমাৰ দাসৰ মৃত্যু দিৱস উদযাপন কৰা দেখা গ'ল বিহালীৰ বিভিন্ন স্থানত । আন বছৰ দৰে এইবাৰো জাতীয় স্বহীদ সাংবাদিক গৰাকীৰ স্মৃতিত গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'চাইটি বৰগাং হাইস্কুল প্ৰাংগণত গছপুলি ৰোপণ কৰে।

BEHALI PARAG DAS DEATH ANNIVERSARY

By

Published : May 18, 2019, 12:00 AM IST

বজালী সৰুক্ষেত্ৰী/বিহালী,17 মেঃ বৰপেটা জিলাৰ কয়াকুছিত শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা অনুষ্ঠিত হয় । শুকুৰবাৰ দিনৰ দিনৰ দুই বজাৰ পৰা কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ কাৰ্যালয় প্ৰাংগণত মানৱ অধিকাৰ সংগ্ৰাম সমিতি(মাছ)ৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ সহযোগত আয়োজিত সভাত পৌৰহিত্য কৰে সদৌ অসম অপ্ৰাদেশীকৃত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সন্থাৰ সভাপতি আমিৰ হুছেইনে আৰু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উদ্দেশ্য ব্যাখ্যা কৰে সমন্বয় সাহিত্য গোষ্ঠীৰ সম্পাদক তথা বিশিষ্ট সাংবাদিক ছাহেদ আলী আহমেদে ।প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৰণ সভাত উপস্থিত থাকি সাংবাদিক ছফিকুল ইছলাম আৰু ছাহিদুল ইছলামে সাংবাদিক সকলৰ নিৰাপত্তা আৰু কৰণীয় সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় ৷ লগতে মুক্ত সাংবাদিক আৰফান আলীয়ে শ্বহীদ হোৱা সাংবাদিক পৰিয়াললৈ জনসংযোগ বিভাগৰ বিভিন্ন পদত চাকৰিত নিযুক্তি দিব লাগে বুলি চৰকাৰক দাবী জনায়।

ৰাজ্যৰ বিভিন্ন ঠাইত জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসক স্মৰণ


সমগ্ৰ অসমৰ লগতে বিহালী বিশ্বনাথতো জাতীয় স্বহীদ পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকী উদযাপন কৰা দেখা গ'ল । বিহালীপ আগশাৰীৰ সংস্থা গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'চাইটি উদ্যোগতো জাতীয় স্বহীদ পৰাগ কুমাৰ দাসৰ মৃত্যু দিৱস উদযাপন কৰে বিহালীৰ বিভিন্ন স্থানত। আন বছৰ দৰে এইবাৰো জাতীয় স্বহীদ সাংবাদিক গৰাকীৰ স্মৃতিত গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'চাইটি বৰগাং হাইস্কুল প্ৰাংগণত গছপুলি ৰোপণ কৰে। গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ চ'চাইটি সঞ্চালক কিশোৰ হাজৰিকাৰ নেতৃত্বত আৰম্ভ কৰা গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পূৱ শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া সুহাস কদমে ।

ABOUT THE AUTHOR

...view details