ডিব্ৰুগড়, ১৪ ডিচেম্বৰ :ৰাজ্যৰ প্ৰতিখন জিলাতে এতিয়া অৰুণোদয় আঁচনিৰ সফল ৰূপায়ণৰ বাবে জিলা প্ৰশাসনৰ লগতে মন্ত্ৰী বিধায়ক সকল ব্যস্ত হোৱা পৰিলক্ষিত হৈছে । সোমবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ বগীবিলত ৮০০ গৰাকী মহিলাক অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ প্ৰদান কৰা হয় ।
আঁচনিৰ অনুমোদন পত্ৰ প্ৰদান কৰে বিধায়ক চক্ৰধৰ গগৈয়ে । অনুষ্ঠানত উপস্থিত থাকে বগীবিল পঞ্চায়তৰ সভানেত্ৰী, মণ্ডল বিজেপিৰ সভাপতি যতীন গগৈৰ লগতে কেইবা শতাধিক দলীয় কৰ্মকৰ্তা আৰু বিষয়ববীয়া উপস্থিত থাকে ।