অসম

assam

ETV Bharat / state

চল্লিশটা বছৰে পদে পদে ঠগ খাই অহা অসমীয়া জাতি

যাকেই ভৰষা কৰিছে সিয়েই ঠগিছে অসমীয়া জাতিক,আজিৰ পৰা চল্লিশ বছৰ পূৰ্বৰ এটা দিন 10 ডিচেম্বৰ ৷ আজিৰ দিনটোতে আৰক্ষীৰ গুলীত মৃত্যু হৈছিল অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ৷ আৰু আজিৰ দিনটোতে বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন পূৰ্ণৰূপত গৃহীত হোৱাৰ পথত ৷

By

Published : Dec 5, 2019, 3:40 PM IST

Updated : Dec 10, 2019, 8:38 AM IST

চল্লিশটা বছৰে পদে পদে ঠগ খাই অহা অসমীয়া জাতি
চল্লিশটা বছৰে পদে পদে ঠগ খাই অহা অসমীয়া জাতি

গুৱাহাটী, 10 ডিচেম্বৰঃ বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ আন্দোলন হিচাপে পৰিচিত ঐতিহাসিক অসম আন্দোলন বা বিদেশী বহিস্কাৰ আন্দোলন আৰম্ভ হৈছিল ১৯৭৯ চনত । সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হোৱা এই বৃহৎ আন্দোলনত আবেগিক, কায়িক, মানসিক সকলো ধৰণে জড়িত হৈ পৰিছিল সমগ্ৰ অসমীয়া জাতি । সেই বছৰৰে ১০ ডিচেম্বৰত বৰপেটা জিলাৰ ভৱানীপুৰত আন্দোলনকাৰীৰ ওপৰত চলিছিল ভয়ংকৰ চৰকাৰী আক্ৰমণ । সেই চৰকাৰী অভিযানৰ নেতৃত্বত আছিল সেই সময়ৰ দুধৰ্ষ আই পি এছ বিষয়া, চুপাৰ কপকে পি এছ গীল। সেই দিনাই আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল খৰ্গেশ্বৰ তালুকদাৰে

অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ
  • ১৯৭৯ চনৰ ১০ ডিচেম্বৰত শ্বহীদ হৈছিলখৰ্গেশ্বৰ তালুকদাৰ
  • যি আছিল ৮৫৫ গৰাকী শ্বহীদৰ তালিকাখনৰ প্ৰথম শ্বহীদ
  • তেতিয়াৰে পৰা ১০ ডিচেম্বৰৰ দিনটো পালন কৰি অহা হৈছে "শ্বহীদ দিৱস" হিচাপে
    বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ আন্দোলন হিচাপে পৰিচিত ঐতিহাসিক অসম আন্দোলন

চল্লিশ বছৰ পিছত আকৌ আহিছে এটা অভিশপ্ত ১০ ডিচেম্বৰ । যি বিদেশী খেদাৰ দাবীত হোৱা আন্দোলনত ১০ ডিচেম্বৰত শ্বহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰৰ দৰে তেজাল যুৱক,সেই একেটা দিনতে আজি বিদেশীক ৰঙা দলিচা পাৰি অসমলৈ আদৰি অনাৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব। সংসদত আজিৰ দিনটোত সম্পূৰ্ণৰূপে গৃহীত হোৱাৰ সম্ভৱনা আছে "নাগৰিকত্ব সংশোধনী বিধেয়ক"। আটাইতকৈ দুৰ্ভাগ্যৰ কথা "কেব"ক আদৰিবলৈ আজি যিসকলে উঠি পৰি লাগিছে সেই সকলৰ বেছিভাগেই আছিল বিদেশী বহিস্কাৰ আন্দোলনৰ কাণ্ডাৰী। ইয়াতকৈ দুখৰ বিষয় এটা দুৰ্ভগীয়া জাতিৰ বাবে আৰু কিবা থাকিব পাৰেনে ?

চল্লিশটা বছৰে পদে পদে ঠগ খাই অহা অসমীয়া জাতি

আৰু চাওকঃ জয় বাংলাদেশ ধ্বনি দি বিপদত হিমন্তঃ পাণবজাৰ থানাত এজাহাৰ দাখিল কটনিয়ানৰ

১৯৭৯ চনৰ মাৰ্চ মাহত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হোৱা ছবছৰীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত সম্পাদিত হৈছিল ঐতিহাসিক অসম চুক্তি ৷ সমান্তৰালভাৱে সেই সময়ৰ ছাত্ৰ নেতাসকলে ৰাজনৈতিক দল গঠন কৰি অসমত অগপ দলে গঠন কৰিছিল চৰকাৰ ৷ মূলত বিদেশী বহিস্কৰণৰ বাবে আন্দোলনৰ নেতৃত্ব লোৱা একাংশ নেতাই পিচলৈ পাহৰি গৈছিল বিদেশীৰ কথা ৷ ক্ষমতাৰ ৰাগীত মচগুল ছাত্ৰ নেতাৰ আশাত থকা অসমীয়া জাতিয়ে নাপালে ন্যায় ৷ বিপৰীতে বিগত 40 বছৰত অসমত বিদেশীৰ আগ্ৰাসনে কোঙা কৰিলে ৰাজ্যৰ ভেটি ৷ তাৰ পিচতো সম্বিত নাহিল অসমীয়া জাতিৰ ৷ পুনৰ অগ্নিগৰ্ভ হোৱাৰ দিশে অসম ৷

লগতে চাওকঃ কেবিনেটত গৃহীত কেব: সমগ্ৰ ৰাজ্যত জ্বলিছে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, সৰ্বানন্দ

Last Updated : Dec 10, 2019, 8:38 AM IST

ABOUT THE AUTHOR

...view details