অসম

assam

ETV Bharat / state

সুৰা ট্ৰেজেডীৰ আঁৰত লালী গুৰ নে মিথানল? - পিয়ুষ হাজৰিকা

এতিয়াও স্পষ্ট নহয়, ক'লে পীয়ুষ হাজৰিকাই

লালী গুৰ নে মিথানল এতিয়াও স্পষ্ট নহয়: পিয়ুষ হাজৰিকা

By

Published : Feb 26, 2019, 8:07 PM IST

আমিনগাঁও, ২৬ ফেব্ৰুৱাৰীঃমঙলবাৰে কামৰূপৰ আমিনগাঁৱত অনুষ্ঠিত হয় এক কৃষি সঁজুলি বিতৰণ কাৰ্যসূচী । এই কাৰ্যসূচীতে উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীপীয়ুষ হাজৰিকা। এই অনুষ্ঠানটোত জিলাখনৰ ২৬ হাজাৰ কৃষকক কৃষি সঁজুলি বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে । ইফালে এই অনুষ্ঠাতে ৰাজ্য কঁপোৱা সুৰা ট্ৰেজেডী সন্ধৰ্ভত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া-

লালী গুৰ নে মিথানল এতিয়াও স্পষ্ট নহয়: পিয়ুষ হাজৰিকা

অবৈধ লালীৰ গুৰৰ বিৰুদ্ধে ফাইট হ'ব লাগে বুলি মন্তব্য় কৰে পিয়ুষ হাজৰিকাই । অবৈধ লালী গুৰ নে মিথানলৰ পৰাহে সুৰাৰ বিষক্ৰিয়া হৈছে এতিয়াও স্পষ্ট নহয় বুলি উল্লেখ কৰি কয় প্ৰাথমিক তদন্তত যদিও মিথানলৰ ব্যৱহাৰৰ পোৱা গৈছে কিন্তু ফৰেনচিক তদন্ত এতিয়াও বাকী আছে । যদিহে লালী গুৰৰ পৰা হোৱা বুলি প্ৰমাণিত হয় তেন্তে নিষিদ্ধ হ'ব লাগে লালী গুৰ বুলি দাবী উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ।

ইপিনে ষড়যন্ত্ৰ থাকিব পাৰি নেকি সাংবাদিকৰ প্ৰশ্নত পিয়ুষে কয় এই ঘটনা আঁৰত ষড়যন্ত্ৰও থাকিব পাৰে । এই কথা অস্বীকাৰ কৰিব নোৱাৰি বুলি উল্লেখ কৰে ।

আনহাতে মঙলবাৰে পুৱতি নিশা
ভাৰতীয় বায়ুসেনাই পাকিস্তানত কৰা এয়াৰ ষ্ট্ৰাইকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে ভাৰতীয় বায়ুসেনা বাহিনীক প্ৰশংসা কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই । দীৰ্ঘদিন ধৰি পাকিস্তানে ভাৰতৰ শান্তিত বাধা-বিঘিনি সৃষ্টি কৰি আহিছিল আৰু এইয়া অত্যন্তজৰুৰী আছিল বুলি উল্লেখ কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই ।

I’m protected online with Avast Free Antivirus. Get it here — it’s free forever.

ABOUT THE AUTHOR

...view details