তিনিচুকীয়া 5 জুনঃ দেশত গুটখা জাতীয় সামগ্ৰীৰ প্ৰচলন বন্ধ কৰিব লাগে ৷ দেশৰ প্ৰধানমন্ত্ৰীক এই আহ্বান মাৰ্ঘেৰিটাৰ একাংশ ছাত্ৰ ছাত্ৰীৰ। কিয়নো গুটখাই যুৱ প্ৰজন্মক পংগু কৰাৰ লগতে গুটখাৰ পেকেট সমূহ মাটিত মিহলি হৈ উৰ্বৰা মাটিকো নষ্ট কৰি আহিছে ৷ উল্লেখ্য যে,বুধবাৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কিডজী ছানচাইন হাইস্কুল আৰু টাউন হাইস্কুল মাৰ্ঘেৰিটাৰ ছাত্ৰ-ছাত্ৰীৰ যৌথ উদ্যোগত এক অনুষ্ঠানৰ আয়োজন কৰে ৷ অনুষ্ঠানতে বিদ্যালয় দুখনৰ ছাত্ৰ-ছাত্ৰীয়ে মাৰ্ঘেৰিটা হিলভিউস্থিত ৰাষ্ট্ৰীয় ঘাইপথ কাষৰ এলেকা আৰু টাউন হাইস্কুল খেলপথাৰ পৰিষ্কাৰ কৰে ৷ লগতে স্বছ ভাৰত মিচন কেৱল বেনাৰ- শ্লো’গানত থাকিলেই নহ’ব ৷ প্ৰকৃতে হাতে কামে কৰিব লাগিব বুলিও মন্তব্য কৰে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলে ৷
দেশত গুটখা বন্ধ কৰাৰ আহ্বান মাৰ্ঘেৰিটাৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ - ছাত্ৰ-ছাত্ৰী
"দেশত গুটখা জাতীয় সামগ্ৰীৰ প্ৰচলন বন্ধ কৰিব লাগে ৷ দেশৰ প্ৰধানমন্ত্ৰীক এই আহ্বান মাৰ্ঘেৰিটাৰ একাংশ ছাত্ৰ ছাত্ৰীৰ। কিয়নো গুটখাই যুৱ প্ৰজন্মক পংগু কৰাৰ লগতে গুটখাৰ পেকেট সমূহ মাটিত মিহলি হৈ উৰ্বৰা মাটিকো নষ্ট কৰি আহিছে "
দেশত গুটখা বন্ধ কৰাৰ আহ্বান মাৰ্ঘেৰিটাৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ
উল্লেখ যে কিছু দিন পূৰ্বে মাৰ্ঘেৰিটা ব্যৱসায় সন্থাৰ উদ্যোগত টাউন হাইস্কুল খেলপথাৰত বহাগী উৎসৱ অনুষ্ঠিত কৰাৰ পাছতে বিদ্যালয় তথা পথৰ কাষৰ অঞ্চলটোত এক অপৰিষ্কাৰ ৰূপ লয় কিন্তু বিহু সমিতিয়ে যি দৰে পৰিষ্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেইদৰে নকৰাৰ ফলত টাউন হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ লগতে অঞ্চলটোৰ অন্যান্য লোকে সকলেও অপৰিষ্কাৰ পৰিৱেশৰ সন্মুখীন হ'ব লগা হৈছে ৷