তিনিচুকীয়া, 12 আগষ্ট: বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াৰ ডিগবৈত পালন কৰা হয় বিশ্ব হস্তীৰ দিৱস ৷ হস্তীৰ দিৱসৰ লগত সংগতি ৰাখি বন্যহস্তীৰ কৱলৰ পৰা এগৰাকী গৃহৰক্ষী জোৱানক উদ্ধাৰ কৰাৰ বাবে ডিগবৈৰ স্বেচ্ছাসেৱী সংস্থা "হেল্প ফাউণ্ডেচন"ৰ তৰফৰ পৰা দুগৰাকী যুৱতীক জনোৱা হয় সম্বৰ্ধনা ৷ তেওঁলোকৰ নাম হৈছে কল্পনা গগৈ আৰু দীক্ষা দৃষ্টি গগৈ ৷
যোৱা কিছু দিনৰ পূৰ্বে বন্যহস্তীৰ আক্ৰমণত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা এগৰাকী কৰ্তব্যৰত গৃহৰক্ষী জোৱান পথৰ দাঁতিত পৰি থকাৰ অৱস্থাত যুৱতী দুগৰাকীয়ে উদ্ধাৰ কৰিছিল ৷ দুয়োগৰাকী যুৱতীকে গামোচা, বঁটা আৰু একোখনকৈ সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয় ৷ মানৱদৰদী যুৱতী দুগৰাকীক উৎসাহ দিয়াৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰে হেল্প ফাউণ্ডেচনে ৷
লগতে পঢ়ক:ম্যানমাৰত পিপলচ লিবাৰেচন আৰ্মীৰ দুটা ফৈদৰ সংঘৰ্ষত নিহত 6