ডুমডুমা, 2 ফেব্ৰুৱাৰীঃ ডুমডুমা ৰাজীৱ ভৱনত দেওবাৰে কাকপথাৰ ব্লক মহিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত মহিলা সমাৰোহ । ব্লক মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মহিলা সমাৰোহত ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন মণ্ডলৰ বহুসংখ্যক মহিলা কৰ্মীয়ে অংশগ্ৰহণ কৰে । মহিলা সমাৰোহত ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজৰ লগতে কংগ্ৰেছৰ জিলা, ব্লক আৰু মণ্ডল সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে ।
মোডী চৰকাৰ বৰ্তমান ভাষনত হে আছে, কামত নাইঃ দুৰ্গা ভূমিজ - কাকপথাৰ ব্লক মহিলা কংগ্ৰেছ কমিটি
দেওবাৰে ডুমডুমা ৰাজীৱ ভৱনত অনুষ্ঠিত হয় মহিলা সমাৰোহ ৷ কাকপথাৰ ব্লক মহিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত সমাৰোহত বহুসংখ্যক মহিলা কৰ্মী অংশগ্ৰহণ কৰাৰ উপৰিও উপস্থিত থাকে বিধায়ক দূৰ্গা ভূমিজ ৷
"মোডী চৰকাৰ বৰ্তমান ভাষনত হে আছে, কামত নাইঃ দুৰ্গা ভূমিজ
অনুষ্ঠানত বিধায়ক দুৰ্গা ভূমিজে কয়, "মোডী চৰকাৰ বৰ্তমান ভাষনত হে আছে, কামত নাই । ২০২১ চনত অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব । ৰাইজ এতিয়া কংগ্ৰেছৰ লগত আছে । বিজেপি আৰু মোডী চৰকাৰৰ প্ৰতিও ৰাইজৰ মোহভংগ হৈছে বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে । আনহাতে মহিলা সমাৰোহ অনুষ্ঠানতে কংগ্ৰেছ দলত যোগদান কৰে দুগৰাকীকৈ বিজেপি কৰ্মীয়ে ।
আৰু পঢ়কঃ হাইলাকান্দিত বন বিভাগৰ নেতৃত্বত অবৈধ বালি ছিণ্ডিকেট !